অসম

assam

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

By

Published : Oct 17, 2019, 6:53 PM IST

ধেমাজিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

ধেমাজি,১৭ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত পুনৰ উত্তাল হোৱাৰ দিশে ৰাজ্য ৷ বৃহস্পতিবাৰে ধেমাজি সদৰত কাছাৰী ময়দানৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ দালালি নচলিব, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবই লাগিব, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি উদাত্ত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰে পৰিৱেশ ৷

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

ABOUT THE AUTHOR

...view details