অসম

assam

By

Published : Feb 2, 2021, 9:40 PM IST

ETV Bharat / state

জীয়াঢলৰ বান-গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত AJYCPৰ প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ ধেমাজি আঞ্চলিক সমিতিৰ আৰু স্থানীয় ৰাইজৰ সহয়োগত মঙলবাৰে ধেমাজি টেকজুৰিৰ বৰ্মন গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে ৷ জীয়াঢলৰ বান আৰু গড়াখহনীয়া সমস্যা সমাধানৰ দাবী সংগঠনটোৰ ৷

as_dmj_ajycp-protest-for-jiyadhal-river-erosion_vis_as10021
জীয়াঢলৰ বান-গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত AJYCPৰ প্ৰতিবাদ

ধেমাজি,2 ফেব্ৰুৱাৰী: জীয়াঢলৰ বান আৰু গড়াখহনীয়া সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত তথা উত্তৰ ধেমাজি আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহয়োগত মঙলবাৰে ধেমাজি টেকজুৰিৰ বৰ্মন গাঁৱৰ জীয়াঢলৰ পাৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

জীয়াঢলৰ বান-গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগক তীব্ৰ সমালোচনা কৰি কয় যে, ক্ষেত্ৰ অধ্যয়ন নকৰাকৈয়ে কেৱল কাৰ্যালয়ত বহিয়ে নদী নিয়ন্ত্ৰণৰ নামত সংশ্লিষ্ট বিভাগটোৱে আঁচনি গ্ৰহন কৰি প্ৰতি বছৰে কোটি কোটি শৰাধ কৰি আহিছে ৷ কিন্ত আজিকোপতি বান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷ সেয়েহে জীয়াঢল নৈৰ দুয়োপাৰে বৈজ্ঞানিক পদ্ধতিৰে মথাউৰি নিৰ্মান কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

জীয়াঢলৰ বান-গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত AJYCPৰ প্ৰতিবাদ

মঙলবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা , সভাপতি জ্ঞান শৰ্মাকে ধৰি কেইবাগৰাকীয়ো নেতা কৰ্মী আৰু সাধাৰণ ৰাইজ ৷

লগতে পঢ়ক-চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত

ABOUT THE AUTHOR

...view details