ধেমাজি , ১৮ জুলাইঃ ধেমাজিৰ গোগামুখত উদযাপন কৰা হয় সংযুক্ত বড়ো গণ মঞ্চৰ প্ৰতিষ্ঠা দিৱস ৷ উলহ মালহৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস উপলক্ষে পতকা উত্তোলন কৰে UNITED BORO PEOPLE'S ORGANISATION ৰ সভাপতি ধেমাজি জিলা সভাপতি মনোৰঞ্জন বসুমতাৰী । শ্বহীদ তৰ্পণ কৰে জোনাৰাম বহ্মই।
ধেমাজিৰ গোগামুখত সংযুক্ত বড়ো গণ মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন - etv bharat
এইক্ষেত্ৰত বিটিএডি বাহিৰত থকা 10 লক্ষাধিকতকৈ অধিক বড়ো সকলক চৰকাৰে দীৰ্ঘদিন ধৰি স্বায়ত্ব পৰিষদ দিয়াৰ আশ্বাস দি আহিছে যদিও বৰ্তমানলৈ কোনো এখন চৰকাৰে কাৰ্যকৰী ৰূপ দিব পৰা নাই ৷
![ধেমাজিৰ গোগামুখত সংযুক্ত বড়ো গণ মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3873950-thumbnail-3x2-hh.jpg)
উল্লেখ্য যে বিটিএডি ৰ বাহিৰত থকা খিলঞ্জীয়া বড়ো সকল অতীজৰে পৰা উপেক্ষিত অৱস্থাতে আছে । বিকাশৰ নামত শূণ্য বিটিএডি বাহিৰত থকা বড়ো সকলৰ । এইক্ষেত্ৰত বিটিএডি বাহিৰত থকা 10 লক্ষাধিকতকৈ অধিক বড়ো সকলক চৰকাৰে দীৰ্ঘদিন ধৰি স্বায়ত্ব পৰিষদ দিয়াৰ আশ্বাস দি আহিছে যদিও বৰ্তমানলৈ কোনো এখন চৰকাৰে কাৰ্যকৰী ৰূপ দিব পৰা নাই ৷ পূৰ্বতে কংগ্ৰেছ চৰকাৰ দিনত কিছু আগবাঢ়িছিল যদিও বৰ্তমান বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি এই পৰ্যন্ত ৰাখিব নোৱাৰাক লৈ আক্ষেপ প্ৰকাশ কৰে জনগোষ্ঠীটোৰ বৃহস্পতিবাৰে গোগামুখ মুৰংঘৰত অনুষ্ঠিত UNITED BORO PEOPLE'S ORGANISATION ৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস ত সংগঠনটোৰ জিলা সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে ৷