ধেমাজি, 11 নৱেম্বৰঃ বুধবাৰ ধেমাজি জিলা এন এচ ইউ আইৰ উদ্যোগত চিলাপথাৰত বিশাল জনসভাৰ আয়োজন ৷ ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নিতু বৰগোহাঁইৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কমলেশ্বৰ চুতীয়াই ৷
ধেমাজিৰ চিলাপথাৰত NSUIৰ বৃহৎ দলীয় সভা - প্ৰতিখন জিলাৰ যুৱক-যুৱতী
অসম প্ৰদেশ এনএচইউআইৰ তত্বাবধায়ক তথা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় এনএচইউ আইৰ সাধাৰণ সম্পাদক অনুশেচ শৰ্মাই সদৰি কৰে যে, অসমৰ প্ৰতিখন জিলাৰ যুৱক-যুৱতী সকলৰ লগত তেওঁ মত বিনিময় কৰিছে ৷ সকলোৱে বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰাৰ লগতে ২০২১ চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ উৎসাহিত হৈ আছে ৷
সভাত উপস্থিত থাকি অসম প্ৰদেশ এনএচইউআইৰ তত্বাবধায়ক তথা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় এনএচইউ আইৰ সাধাৰণ সম্পাদক অনুশেচ শৰ্মাই সদৰি কৰে যে, অসমৰ প্ৰতিখন জিলাৰ যুৱক-যুৱতী সকলৰ লগত তেওঁ মত বিনিময় কৰিছে ৷ সকলোৱে বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰাৰ লগতে ২০২১ চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ উৎসাহিত হৈ আছে ৷ লগতে অনুশেচ শৰ্মাই কয় যে, কংগ্ৰেছ চৰকাৰ জয়ী হ'লে ভৱিষ্যতে যুৱ প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত এনএচইউআইয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৷
লগতে পঢ়কঃ বাঘজান অগ্নিকাণ্ডৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ