অসম

assam

ETV Bharat / state

ধেমাজিত বান সাহাৰ্যৰ নামত ম্যাদ ওকলা নিমখ প্ৰদানৰ অভিযোগ - ধেমাজী জিলা প্ৰশাসনে

বন্যাৰ্তক কণা হাঁহক পতান দিয়াৰ দৰে সাহাৰ্য প্ৰদানৰ অভিযোগ তুলিছে ধেমাজিত বান সাহাৰ্য লাভ কৰা পৰিয়ালে ৷ 2017 চনতে ম্যাদ ওকলা নিমখ প্ৰদান কৰাত ক্ষুদ্ধ হৈ পৰিছে গাঁওবাসী ৷ ম্যাদ ওকলা নিমখ খাই নানা অচিন ৰোগত আক্ৰান্ত হোৱা আশংকা ব্যক্ত কৰিছে স্থানীয় বানাক্ৰান্ত বাইজে ৷

dhamaji flood affacted pepole  expiry date food distibutaion
ধেমাজিত বান সাহাৰ্যৰ নামত ম্যাদ ওকলা নিমখ প্ৰদানৰ অভিযোগ

By

Published : Jun 23, 2020, 7:22 PM IST

ধেমাজী,23 জুনঃধেমাজি জিলা প্ৰশাসনে বান সাহাৰ্যৰ নামত বন্যাৰ্তক ম্যাদ ওকলা নিমখ প্ৰদান কৰা বুলি অভিযোগ কৰিছে । কণা হাঁহক পতান দিয়া বুলি ক্ষুব্ধ হৈ পৰিছে জীয়াঢলৰ বাঢ়নী পানীৰে সৰ্বস্বান্ত কৰা হেচুলি আৰু জালভাৰী আহোম গাঁৱৰ বানাক্ৰান্ত পৰিয়াল সকল।

ধেমাজিত বান সাহাৰ্যৰ নামত ম্যাদ ওকলা নিমখ প্ৰদানৰ অভিযোগ

অভিযোগ অনুসৰি জালভাৰী আহোম গাঁৱৰ ৫০পৰা ৬০ টা পৰিয়ালৰ ঘৰ-দুৱাৰ,পথাৰ পানীয়ে জলমগ্ন কৰিছে। ইতিমধ্যে প্ৰশাসনে চাউল,দাইল আৰু নিমখ আদি সাহাৰ্য হিচাপে প্ৰদান কৰিছে যদিও 2017 চনতে ম্যাদ ওকলা নিমখৰ পেকেট প্ৰদান কৰাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে।

ধেমাজিত বান সাহাৰ্যৰ নামত ম্যাদ ওকলা নিমখ প্ৰদানৰ অভিযোগ
উল্লেখযোগ্য যে গাওঁখনত আশ্ৰয় শিবিৰ স্থাপন কৰাৰ বাবে ওখ ঠাই আছে যদিও প্ৰশাসনে জালভাৰী আহোম গাঁৱৰ বন্যাতক আশ্ৰয় শিবিৰ নিৰ্মাণ কৰি নিদিয়াৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ‘বলগীয়া হৈছে বুলি মন্তব্য কৰিছে গাঁওবাসীয়ে।লগতে পঢকঃ 'চান ফাৰ্মা' প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দেহত কৰ'ণা ভাইৰাছ

ABOUT THE AUTHOR

...view details