অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সলিল সমাধি ছাত্ৰৰ - উটুৱাই নিয়ে

ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ মেচাকি চাপৰিত ছাত্ৰৰ সলিল সমাধি এজন ছাত্ৰৰ ৷ এছ ডি আৰ এফৰ অভিযানত বৰ্তমানেও উদ্ধাৰ হোৱা নাই ছাত্ৰজনৰ মৃতদেহ ৷

dhamaji  bharamaputra river death one student during bath
ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সলিল সমাধি ছাত্ৰৰ

By

Published : Sep 22, 2020, 10:07 PM IST

জোনাই ,২২ ছেপ্তম্বৰঃ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মেচাকি চাপৰিত এজন ছাত্ৰ সলিল সমাধিৰ ঘটনাৰ পাছতেই চৰ চাপৰি অঞ্চলটোত শোঁকৰ ছা পৰা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে, চেঙাজান আৰক্ষী থানাৰ অন্তৰ্গত মেচাকি চাপৰিৰ মুকলি পথাৰ গাঁৱৰ পূৰ্ণ নাৰ্জাৰীৰ পুত্ৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰ লক্ষীৰাম নাৰ্জাৰীয়ে সোমবাৰে বিয়লি ৩ বাজি ৩০ মিনিটত লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ যায়। সাঁতুৰি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰৰ সোঁতে ছাত্ৰ গৰাকীক উটুৱাই নিয়ে।

ইপিনে ঘটনাৰ খবৰ লাভ কৰি মঙলবাৰে এছ ডি আৰ এফৰ ডুবাৰু বাহিনীৰ জোৱানে ঘটনাস্থলীত উপস্থিত হয় ৷ পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা বিয়লিলৈকে অভিযান চলাই যদিও সম্প্ৰতি ছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃমন্ত্ৰীৰ ঘনিষ্ঠ-আত্মীয়লৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰঃ সৰৱ আছু-এ জে ৱাই ছি পি

ABOUT THE AUTHOR

...view details