অসম

assam

ETV Bharat / state

কৃষকৰ মূৰত ৰাম টাঙোন ধেমাজি কৃষি বিভাগৰ - ধেমাজি কৃষি খণ্ড

কৃষি বিভাগৰ উন্নত প্ৰজাতিৰ ধানৰ খেতি কৰি মূৰে কপালে হাত দিছে ধেমাজিৰ কৃষকে । কৃষি বিভাগে যোগান ধৰা বৰ্ণ সংকৰ প্ৰজাতি ধানৰ পৰা নিধাৰিত সময়ত নোলাল বীজ ৷

dhamaji  agriculture hybrid seeds flop show
কৃষকৰ মূৰত ৰাম টাঙোন ধেমাজি কৃষি বিভাগৰ

By

Published : Sep 9, 2020, 7:40 PM IST

ধেমাজি,9 ছেপ্তেম্বৰঃ যি সময়ত চৰকাৰে কৃষি খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কৈ আহিছে,কৃষকৰ ফচল বৃদ্ধিৰ লগতে আয় দুগুণ বৃদ্ধি হোৱা আশ্বাস দি আহিছে তেনে সময়ত কৃষি বিভাগে যোগান ধৰা উন্নত বীজৰ খেতি কৰি মহাবিপদত পৰিছে ধেমাজিৰ কৃষক।

কৃষকৰ মূৰত ৰাম টাঙোন ধেমাজি কৃষি বিভাগৰ

অভিযোগ অনুসৰি ধেমাজি কৃষি খণ্ডৰ অধীনৰ তেলিজান পথাৰত ভূপেন দিহিংগীয়া নামৰ উদ্যমী কৃষক গৰাকীয়ে নিজৰ পাঁচ বিঘা মাটিত ধেমাজি কৃষি বিভাগৰ পৰা যোগান ধৰা ডি-আৰ-আৰ 42 নামৰ উন্নত প্ৰজাতিৰ ধানৰ বীজ আনি খেতি কৰিছিল । বিভাগে আশ্বাস দিয়া মতে এই বৰ্ণ সংকৰ ধানৰ প্ৰজাতিৰ পৰা 8 পৰা 12 মোন ধান উৎপাদন হয় । উল্লেখযোগ্য যে,60 দিনৰ ভিতৰত সকলো বীজৰ পৰা সমানে অংকুৰিত হৈ পৰে ধানৰ সমূহ বুলি কৃষি বিভাগে ভূপেন দিহিংগীয়াক কৈছিল। কিন্তু পৰিতাপৰ বিষয় যে,বিভাগৰ এই বৰ্ণ সংকৰ প্ৰজাতি ধানৰ পৰা নিধাৰিত সময়ত নোলাল বীজ । তদ্ৰুপ দুৰৱস্থা অঞ্চলটোৰ বহু কেইজন কৃষকৰ ।

কৃষকৰ মূৰত ৰাম টাঙোন ধেমাজি কৃষি বিভাগৰ
ইপিনে প্ৰতিবছৰে শালি খেতি কৰি উৎপাদন কৰিবলৈ সক্ষম হোৱা কৃষকসকলে এইবাৰ কৃষি বিভাগৰ উন্নত প্ৰজাতিৰ ধান খেতি কৰি বিপদত পৰিবলগীয়া হৈছে । একপ্ৰকাৰ হাহাকাৰ লাগিছে কৃষকৰ পৰিয়ালৰ মাজত । সমগ্ৰ ঘটনাৰ বিষয়ে জিলা কৃষি বিভাগক অৱগত কৰাৰ পিছতো বিভাগে গুৰুত্ব প্ৰদান নকৰা বুলি মন্তব্য কৰিছে ভুক্তভোগী কৃষক সকলে ।



লগতে পঢ়কঃএইবাৰ দুৰ্গোৎসৱৰ উচাহ নাই বিল্বেশ্বৰত দেৱালয়ত

ABOUT THE AUTHOR

...view details