ধেমাজি,7 নৱেম্বৰঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি শনিবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে ৷ ধেমাজি সদৰত ধেমাজি আঞ্চলিক ছাত্র সন্থাই ধেমাজি সদৰৰ শ্বহীদ উদ্যানৰ পৰা প্ৰতিবাদী সমদল নগৰৰ মাজেৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে উলিয়ায় ৷
ধেমাজিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
ধেমাজি সদৰত ধেমাজি আঞ্চলিক ছাত্র সন্থাই ধেমাজি সদৰৰ শ্বহীদ উদ্যানৰ পৰা প্ৰতিবাদী সমদল নগৰৰ মাজেৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে উলিয়াই ৷
ধেমাজিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
প্ৰতিবাদকাৰী সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি যোগান মন্ত্ৰী ব্যৰ্থতাৰ লগতে বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে পৰিৱেশ ৷
লগতে পঢ়কঃ মূল্যবৃদ্ধি ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ