জোনাই ১৭ জুলাই:ধেমাজি জিলাৰ জোনাই মহকুমাত অসম- অৰুণাচল সীমান্তত যোৱা তিনিদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চিয়াং ,দিখাৰী , ৰাজাখানা আৰু দেতাক নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কেইবাখনো গাঁৱৰ শ শ পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি। শনিবাৰে নিশাৰ পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা নদীৰ পানীত জোনাইৰ অৰ্ধ শতাধিক গাঁৱৰ শ শ পৰিয়াল বুৰ গৈ আছে ৷ কেৱল ঘৰ-বাৰীয়ে নহয়, বানত বুৰ গৈ আছে শ শ বিঘা কৃষি ভূমিকে ধৰি অঞ্চলতোৰ বাটপথ আদি ৷
মানুহৰ সমান্তৰালকৈ খাদ্য,বাসস্থান আদিৰ সংকটত ভুগিছে পশুধনে ৷ ইফালে, অঞ্চলটোৰ বাটপথ,বাহৰ দলং বানে উটুৱাই নিয়াত জল বন্দী হৈ পৰিছে শ শ লোক ৷ ইফালে, দেতাক নদীৰ বাঢ়নী পানীয়ে নাহৰ গেজেৰাস্থিত এটা বান্ধ চিঙি নিয়াৰ ফলত গাঁৱখনত থকা প্ৰায় পঞ্চাশৰো অধিক পৰিয়ালৰ ঘৰবাৰী বুৰ গৈছে । ফলত অঞ্চলটোত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰাত গৃহবন্দী হৈ পৰিছে শ শ পৰিয়ালৰ লোক । বিঘাই বিঘাই শস্যৰ পথাৰ বুৰ যোৱাৰ ফলত গঞা ৰাইজৰ বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। জলমগ্ন হৈ পৰা গাওঁ সমূহত খাদ্য সংকটে দেখা দিছে। আনহাতে, জোনাই মহকুমা ৰাজহচক্ৰৰ তথ্য অনুসৰি সোমবাৰৰ দিনটোলৈকে মহকুমাটোত জলমগ্ন হৈছে ৬০ খন গাঁঁও । ২৫০৭ টা পৰিয়াল কৱলত পৰিছে । তদুপৰি ৭৬৯. ২৫ হেক্টৰ কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷