জোনাই, ১৬ জুন :ৰাজ্যৰ ভিন্ন প্ৰান্তত বছৰৰ দ্বিতীয়টো বানপানীয়ে ভয়ংকৰ ৰূপ লৈছে (Floods in Assam)। বানৰ কৱলত পৰিছে শ শ গাঁও । অসমৰ প্ৰায় প্ৰতিখন জিলাতে দেখা গৈছে বানৰ বিভীষিকা । স্তব্ধ হৈছে জনজীৱন ।
বাকী জিলাসমূহৰ দৰে ধেমাজি জিলাৰো বিভিন্ন প্ৰান্তত বানে লৈছে ৰুদ্ৰৰূপ (Floods affects Dhemaji)। তাৰ মাজতে এক বিশেষ দৃশ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে । জোনাইত বহু অঞ্চল বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ সময়তে কণ কণ শিশুৱে একাঠু-একঁকাল পানীৰ মাজেৰে বিদ্যালয়লৈ গৈছে । হাতে হাতে কিতাপৰ বেগ লৈ কোনো মতে বিপদসংকুল পথ অতিক্ৰম কৰিছে কণ কণ শিক্ষাৰ্থীসকলে (Devastated road has harassed the people of Jonai)। বিদ্যালয় নহয় যেন পথাৰলৈহে গৈছে শিক্ষাৰ্থীসকল ।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত অতিকৈ পিছপৰা বৰং কৃষ্ণপুৰ অঞ্চলৰ এই ঘটনা । জোনাইৰ মুৰৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত ২নং বৰং কৃষ্ণপুৰ আহোম প্রাথমিক বিদ্যালয়লৈ যোৱা বিধ্বস্ত পথছোৱাৰ বাস্তৱ প্ৰতিচ্ছবি এনেদৰে সংবাদমাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে ।