অসম

assam

ETV Bharat / state

অস্বিত্বৰ সংকটত জৈৱ বৈচিত্ৰৰে ভৰা ধেমাজিৰ পাভমাৰী,বঙালমাৰী বিল - ধেমাজি

২২নং বঙালমাৰী আৰু পাভমাৰী বিলৰ বেতভৰাল ভেৰেকী পানী খণ্ডত ২০১৬ পৰা অবৈধভাৱে মাছ,কাছ ধৰি নিঃশেষ কৰিছে লোকেশ্বৰ চুতীয়া নামৰ এজন লোকে ৷ ফলত চৰকাৰক ৰাজহ দিয়াত মূৰে কপালে হাত দিবলগীয়া হৈছিল ইয়াৰ পৰিচালনা সমিতিখনে ৷

Destroy a River beel
অস্বিত্বৰ সংকটত জৈৱ বৈচিত্ৰৰে ভৰা ধেমাজিৰ পাভমাৰী, বঙালমাৰী বিল

By

Published : Nov 28, 2019, 3:52 PM IST

ধেমাজি, ২৮ নৱেম্বৰ: ধ্বংসৰ গৰাহত ধেমাজিৰ জৈৱ বৈচিত্ৰৰে ভৰা পাভমাৰী, বলমাৰী বিল আৰু লেচীয়া নদী ৷ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰ অন্তৰ্গত মৎস্যকূলৰ বাবে প্ৰসিদ্ধ জলাশয়ত ক্ৰমান্বয়ে হ্ৰাস পাইছে জীৱকূলৰ ৷ বিভিন্ন প্ৰজাতিৰ লগতে বিলুপ্তি ঘটিছে বিৰল প্ৰজাতিৰ সৰীসৃপ আৰু মাছৰ ৷ সমান্তৰালভাৱে হ্ৰাস পাইছে পক্ষীকূলৰ ৷ ইয়াৰ উপৰি দিনে দিনে সংকুচিত হৈ আহিছে জলাশয়কেইটা ৷ সম্প্ৰতি জলাশয়ৰ বহু ভূমি চৰণীয়া পথাৰলৈ পৰিণত হৈছে যদিও আন বহু অংশ বাঢ়নী পানীয়ে কঢ়িয়াই অনা বালি আৰু বোকাই পুতি পেলাইছে ৷ ফলত বিশাল জলাশয় আৰু লেচীয়া নদীয়ে আছন্ন হৈ থকা বহু হেক্টৰ ভূখণ্ডত জৈৱ বৈচিত্ৰৰ মৃত্যুৰ ঘন্টা বাজিছে ৷ স্থানীয় লোকৰ মতে পূৰ্বতে এই বিলকেইখনত মাছ কাছৰে উভৈনদী হৈ আছিল ৷ প্ৰতিখন বজাৰত উপলব্ধ হৈছিল এই নদী আৰু বিলৰ বৰালী,কুঢ়ি,পাভ আদি মাছ ৷ কিন্তু পৰিতাপৰ বিষয় যে বৰ্তমান গাই নদীৰ বাঢ়নী পানীয়ে বিপদ আনিছে বিলখনলৈ ৷

অস্বিত্বৰ সংকটত জৈৱ বৈচিত্ৰৰে ভৰা ধেমাজিৰ পাভমাৰী, বঙালমাৰী বিল

বিলকেইখনৰ দায়িত্ব গ্ৰহণ কৰা গোহাই গাওঁ বহুমুখী সমবায় সমিতিৰ সম্পাদিকা সমিতি দাসে উল্লেখ কৰা অনুসৰি ২০১১ চনৰ প্ৰলংকৰী গাই নদীৰ বাঢ়নী পানীয়ে কঢ়িয়াই অনা বালিয়ে আটাইকেইখন বিলৰ বহু অংশ পুতি পেলায় ৷ লেচীয়া নদীখনো নদীৰ বালিৰ ফলত বাম হয় ৷ কথমপি বাছি আছে অৱশিষ্ট জলাশয়ৰ ভূমি ৷ ইয়াতে মীন মহল হিচাপে সংৰক্ষণ কৰা হৈছে যদিও তাতো একাংশ দুষ্ট চক্ৰই দিনে নিশাই মাছ ধৰি নিঃশেষ কৰিছে ৷ আনফালে মহিলা সমিতিখনৰ সম্পাদিকা গৰাকীয়ে লগতে অভিযোগ কৰে বালিৰে পুতা বিলকেইখনত ২২ নং বঙালমাৰীআৰু পাভমাৰী বিলবেতভৰাল ভেৰেকী পানী খণ্ডত ২০১৬ পৰা অবৈধভাৱে মাছ,কাছ ধৰি নিঃশেষ কৰিছে লোকেশ্বৰ চুতীয়া নামৰ এজন লোকে ৷ ফলত চৰকাৰক ৰাজহ দিয়াত মূৰে কপালে হাত দিবলগীয়া হৈছিল সমিতিখনে ৷ এইক্ষেত্ৰত জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট মীন মন্ত্ৰীক অভিযোগ দাখিল কৰিছিল যদিও জিলা উপায়ুক্তই মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰা সত্বেও আশ্চৰ্যজনকভাৱে লোকজনে আজিকোপতি বহু মানুহ বিলত নমাই অবৈধভাৱে বিলখনত মাছ মৰা কাৰ্য অব্যাহত ৰাখিছে ৷ ফলত মাছৰ উৎপাদন হ্ৰাস হোৱাত ৰাজহ দিয়াত অসুবিধা সন্মুখীন হ'বলগীয়া হৈছে সমিতিখন ৷ আনহাতে জলাশয়সমূহৰ উন্নয়ণৰ জড়িয়তে মৎস্য কূল সুৰক্ষিত কৰি জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত মীন বিভাগেও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷

লগতে চাওকঃমটক যুৱ ছাত্ৰ-আমছুৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

ABOUT THE AUTHOR

...view details