ধেমাজি, 6 জুলাই :ক'ভিড মহামাৰী ভয়াৱহ পৰিস্থিতিৰ মাজতেই ৰাজহুৱা খণ্ডৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান assam co-operative apex bank ltd ধেমাজি শাখাত গ্ৰাহকৰ ধন এজেন্টে আত্মসাৎ কৰাৰ এক অভিযোগ উত্থাপন হৈছে ৷ অভিযোগকাৰী সকলৰ মতে ধেমাজি নগৰৰ বিভিন্ন সৰু-বৰ ব্যৱসায়ীসকলে এপেক্স বেংকৰ বেনুধৰ পেগু নামৰ এগৰাকী এজেন্টৰ জৰিয়তে ধন সঞ্চয় কৰিছিল ৷ পিছে এবছৰ মূৰত গ্ৰাহকে জমা ধন বিচাৰি বেংকলৈ অহাত ধন আত্মসাৎৰ সমস্ত ঘটনা পোহৰলৈ আহে ৷
জানিব পৰা মতে, অজিত সেনৰ ২২০০০, বিকাশ ধৰৰ ৬৭০০০, পাপল সোণোৱালৰ ১২১০০, বিশ্বজিত চুতীয়াৰ ২২৯০০, যতীন সোণোৱালৰ ৩৩০০০, কনক সোণোৱালৰ ১৭২০০, দ্বীপজ্যোতি শইকীয়াৰ ২৫০০০, প্ৰদীপ গগৈৰ ২২৫০০ আদিকে ধৰি ৩৫ গৰাকী গ্ৰাহকৰ ধন আত্মসাৎ কৰে বেংকৰ এজেন্ট গৰাকীয়ে ৷ ইফালে ভুক্তভোগী অভিযোগৰ ভিত্তিত তথা এই ঘটনা সংক্ৰান্তত এজেন্ট বেনুধৰ পেগুৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মঙলবাৰে বেংকটোৰ শাখা পৰিচালক অনুপম মহন্তই ধেমাজি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷