জোনাই, 13 জুন:নিৰ্বাচনৰ পিছত নিৰ্বাচন আহিল, ইখনৰ পিছত সিখন চৰকাৰ আহিল আৰু গ’ল ৷ কিন্তু দেপি নৈৰ খহনীয়া আজিও সমাধান নহ'ল ৷ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ বৈ অহা দেপি নৈয়ে বাৰিষাৰ আগমনৰ লগে লগে কাল ৰূপ ধাৰণ কৰে জোনাই মহকুমা(jonai subdivision)ৰ মিলনপুৰ অঞ্চলত ৷
অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নৈখনে প্ৰত্যেক বছৰে বাৰিষাৰ আগমনৰ লগে লগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, ঘৰ-বাৰীকে ধৰি হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, বাট-পথ নৈৰ বুকুত বিলীন হৈছে ৷ কিন্তু আজিও এই সন্দৰ্ভত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ ৷ নিৰ্বাচনৰ সময়ত সাংসদ, বিধায়ক, জন প্ৰতিনিধি আহে আৰু যায় ৷ দেপি নৈৰ গৰা খহনীয়াৰ স্থায়ী সমাধানৰ সলনি আশ্বাসৰ মাজতে সীমাবদ্ধ হৈ ৰ’ল ৷