অসম

assam

ETV Bharat / state

নিয়ন্ত্ৰণ হ’ব জীয়াঢলৰ গতিপথ ! - ধেমাজি জিলা

ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা জীয়াঢল নদীক এইবাৰ মূল সূতিঁলৈ বোৱাই নিয়াৰ আচঁনি হাতত লৈছে ৰাজ্যৰ জলসম্পদ বিভাগে ৷

Department of Water Resources New Scheme for Jiyadhol River
Department of Water Resources New Scheme for Jiyadhol River

By

Published : Aug 19, 2020, 5:23 PM IST

ধেমাজি, 19 আগষ্ট:ধেমাজীবাসীলৈ অৱশেষত এক সুঃসংবাদসলনি হ’ব ধেমাজি জিলাৰ জীয়াঢল নদীৰ গতিপথ ৷ বছৰ বছৰ ধৰি ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা জীয়াঢল নদীক এইবাৰ মূল সূতিঁলৈ বোৱাই নিয়াৰ আচঁনি হাতত লৈছে জলসম্পদ বিভাগে ৷

দুই কোটি টকীয়া আচঁনিৰ আধাৰশীলা

উল্লেখ্য যে, যোৱা 5 আগষ্টত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থা পুঁজিৰ শিতানত জীয়াঢল নদীৰ বওঁপাৰৰ মথাউৰি উন্মুক্ত হৈ থকা বৰ্মন গাঁৱত জীয়াঢল গতি পৰিৱৰ্তন সম্পৰ্কীয় দুই কোটি টকীয়া আচঁনিখন শুভাৰম্ভ কৰিছিল ধেমাজিৰ বিধায়ৰ ৰণোজ পেগুৱে ৷ ইতিমধ্যে উক্ত স্থানত PSC পাকুপাইন স্ক্ৰীণৰ কাম আৰু ভলুকা বাঁহ স্ক্ৰীণৰ 960 মি: কাম আৰম্ভ কৰা হৈছে ৷

নিয়ন্ত্ৰণ হ’ব জীয়াঢলৰ গতিপথ !

এইক্ষেত্ৰত ধেমাজি জলসম্পদ সংমণ্ডলৰ বিষয়াই পৰিদৰ্শন কৰা কালত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এই আঁচনিৰ জৰিয়তে জীয়াঢল নদীৰ গতিপথ সলনি হ’লে বৰ্তমান বানে বিভীষিকা সৃষ্টি কৰি অহা জীয়াঢল, ভজুগাঁও, হেচুলি, জালভাৰী আদি পোন্ধৰখনৰো অধিক গাঁও বানৰ পৰা মুক্ত হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

ৰাজ্যৰ জলসম্পদ বিভাগৰ বৃহত আঁচনি

লগতে চাওক-ডিগবৈৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details