ধেমাজি, ২১ জানুৱাৰী: ধেমাজি জিলাৰ বৰদলনি দেউৰী অধ্যুষিত গাঁৱত বুধবাৰৰ পৰা উৎসৱমুখৰ পৰিৱেশ । অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীটোৱে মাঘ মাহৰ পহিলা সপ্তাহৰ বুধবাৰে পৰম্পৰাগতভাৱে উৰুকা পালন কৰি বৃহস্পতিবাৰে মেজি জ্বলাই দেউৰী 'মাঘিয় বিচু' বা মাঘ বিহু পালন কৰে ৷
জনগোষ্ঠীটোৰ লোকে জানিবলৈ দিয়া মতে, দেউৰী সমাজ পৰম্পৰা অনুসৰি বছৰৰ বা মাহৰ প্ৰথমটো 'বুধবাৰে' উৎসৱ-পাৰ্বন আৰম্ভ কৰে । এই অনুসৰি দেউৰী অধ্যুষিত অঞ্চলৰ লোকসকলে বুধবাৰে উৰুকা নিশা হিচাপে পালন কৰি ভেলাঘৰৰ তলত আনন্দ উল্লাসৰ মাজেৰে ভোজ-ভাত খাই বৃহস্পতিবাৰে পুৱতি নিশা মেজি জ্বলাই ।