ধেমাজি,25 ডিচেম্বৰঃ অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ লোকনৃত্য আৰু লোক সংগীতৰে উৎসৱমুখৰ হৈ পৰে ধেমাজিৰ শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনষ্ঠ সাংস্কৃতিক কেন্দ্ৰ ধেমাজিৰ উদ্যোগত এই উৎসৱ পালন কৰা হয় ৷ শ্ৰীপাণি দেউৰী মিলন সংঘ আৰু ৰাইজৰ সহযোগত বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয় ৷
দেউৰী লোকনৃত্য-গীতেৰে উখল-মাখল শ্ৰীপাণি - অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়
ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনষ্ঠ সাংস্কৃতিক কেন্দ্ৰ ধেমাজিৰ উদ্যোগত পালন কৰা হয় দেউৰী জনগোষ্ঠীৰ লোকনৃত্য আৰু লোক সংগীতৰ উৎসৱ ৷
দেউৰী লোকনৃত্য-গীতেৰে উখল-মাখল শ্ৰীপাণি
এই মহোৎসৱত ভিন্ন প্ৰান্তৰ পৰা অহা জনগোষ্ঠীটোৰ বহুকেইটা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। দেউৰী জনগোষ্ঠীটোৰ পৰম্পৰাগত লোকসংস্কৃতি সমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে প্ৰয়াস কৰা বুলি মন্তব্য কৰে উদ্যোক্তাসকলে। উক্ত অনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে চাওকঃৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদিনৰ আনন্দ
Last Updated : Dec 26, 2019, 9:11 AM IST