ধেমাজি, ৭ আগষ্ট :ধেমাজিৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী পুষ্পলতা ফুকনৰ বিয়োগ । শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বিশিষ্ট গান্ধীবাদী, সমাজ সংস্কাৰী, সৰবৰহী মহিলা হিচাপে খ্যাত ধেমাজিৰ মাছখোৱা দ’লগুৰিৰ নিবাসী পুষ্পলতা ফুকনৰ । প্ৰয়াত গান্ধীবাদী নেত্ৰীগৰাকীয়ে বিনোৱাজীত ১৯৫২ চনৰ গ্ৰাম আন্দোলনৰ পদযাত্ৰাত অংশ লোৱাৰ উপৰিও কস্তুৰৱা সেৱা আশ্ৰমত দীৰ্ঘ সময় অতিবাহিত কৰিছিল ।
ধেমাজিৰ বিশিষ্ট গান্ধীবাদী পুষ্পলতা ফুকনৰ বিয়োগ
বিশিষ্ট স্বাধীনতা সংগ্ৰামী মহিলাগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ মাছখোৱাত শোকৰ ছাঁ পৰা দেখা গৈছে ৷ বিভিন্ন সংগঠনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে ।
ধেমাজিৰ বিশিষ্ট গান্ধীবাদী পুষ্পলতা ফুকনৰ বিয়োগ
১৯৩৭ চনত শিবসাগৰৰ নামতি কালুগাৱঁত জন্মগ্ৰহণ কৰিছিল পুষ্পলতা ফুকনে ৷ বিশিষ্ট স্বাধীনতা সংগ্ৰামী মহিলাগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ মাছখোৱাত শোকৰ ছাঁ পৰা দেখা গৈছে ৷ বিভিন্ন সংগঠনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে ।