জোনাই, ১৩ জানুৱাৰী : দীৰ্ঘদিন ধৰি অসম আৰু অৰুণাচলৰ সীমা বিবাদ অব্যাহত আছে (Assam Arunachal border dispute)। এই সীমা বিবাদ নিষ্পত্তিৰ বাবে ইতিমধ্যে তৎপৰ হৈছে চৰকাৰ তথা স্থানীয় প্ৰশাসন । ধেমাজি জিলাৰ সীমান্তত সীমা নিৰ্ধাৰণ কৰিবলৈ এইবাৰ আগবাঢ়ি আহিল প্ৰশাসন আৰু স্থানীয় লোক (Demarcation of Assam Arunachal border in Dhemaji)। জোনাইৰ শিৱগুৰিৰ অসম-অৰুণাচলৰ সীমা নিৰ্ধাৰণৰ বাবে উক্ত অঞ্চলত বৃহস্পতিবাৰে দুয়োখন ৰাজ্যৰ জিলা প্ৰশাসন আৰু আদি মিচিং বানে কেবাঙৰ এক প্ৰতিনিধি দল উপস্থিত হয় ৷ দীঘলীয়া আলোচনাৰ অন্তত অঞ্চলটোত সীমা নিৰ্ধাৰণৰ একমত হয় দুয়োখন ৰাজ্যৰ প্ৰশাসন আৰু স্থানীয় লোক ।
উল্লেখ্য যে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা নিষ্পত্তি আৰু নিৰ্ধাৰণ কৰাৰ বাবে শেহতীয়াকৈ ইটানগৰত দুয়োখন ৰাজ্যৰে চৰকাৰৰ এক মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল (Minister level meeting between Assam and Arunachal)৷ এই বৈঠকৰ নিৰ্দেশ মৰ্মে জোনাইৰ শিৱগুৰিৰ অসম-অৰুণাচলৰ সীমা নিৰ্ধাৰণৰ বাবে দুয়োখন ৰাজ্যৰ জিলা প্ৰশাসন আৰু স্থানীয় সংগঠনসমূহ উপস্থিত হয় ৷
বিশেষকৈ শিৱগুৰি অঞ্চলত দেখা দিয়া সীমা সমস্যা নিৰ্ধাৰণ কৰাৰ বাবে আদি মিচিং বানে কেবাঙে গাঁওবুঢ়া আৰু ৰাইজৰ সৈতে শান্তিপূৰ্ণ বাবে আলোচনাত মিলিত হয় আৰু এক মীমাংসাত উপনীত হয় ৷ দুয়োখন ৰাজ্যৰ প্ৰশাসন আৰু ৰাইজে মিলি কিছু এৰা-ধৰাৰ মাজেৰে উক্ত অঞ্চলৰ সীমা নিৰূপণ কৰে ৷ সেই অনুসৰি দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত এক চুক্তি স্বাক্ষৰিত কৰি সীমা নিৰ্ধাৰণ কৰা হয় ।