জোনাই, ৭ জানুৱাৰী: “প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টি সংৰক্ষণমুক্ত কৰাৰ দাবীত আজি চিলাপথাৰৰ চ্যুকাফা ভৱনত বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাসকলৰ উপস্থিতিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰা দাবী সমিতিৰ সভাপতি তিলক ফুকনৰ সভাপতিত্বত এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় । এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পাছতেই প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰা দাবী সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে ।
সংবাদমেলৰ যোগেদি দাবী সমিতিয়ে প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত কৰাৰ দাবী তোলে । দাবী সমিতিয়ে উল্লেখ কৰে যে, এই সমষ্টিটোত ৭৭ শতাংশ অজনজাতীয় লোক আৰু ২৩ শতাংশ জনজাতীয় লোক আছে । ইফালে ধেমাজিত পূৰ্বৰ দুয়োটা সমষ্টিয়ে জনজাতি লোকৰ বাবে সংৰক্ষিত হৈ আছে । সেয়েহে জিলাখনৰ এই তিনি নম্বৰ সমষ্টিতো সংৰক্ষণমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় দাবী সমিতিয়ে ।
প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰা দাবী সমিতিয়ে এইক্ষেত্ৰত ইতিমধ্যে বিভিন্ন জাতীয় সংগঠনসমূহেও সমৰ্থন আগবঢ়োৱাৰ কথা সংবাদমেলত সদৰী কৰে ৷ তেওঁলোকে লগতে সংবাদমেলত উল্লেখ কৰে যে, সমষ্টিটো জনজাতীয় লোকৰ বাবে সংৰক্ষিত কৰাৰ বাবে কোনো চক্ৰই ভুল মেপ তৈয়াৰ কৰিবলৈও চেষ্টা কৰিছে । দাবী সমিতিয়ে সেইসকলক সুমতি ঘূৰাই অহাৰ প্ৰাৰ্থনা কৰাৰ লগতে দাবী সমিতিৰ লগ হৈ শুদ্ধ ৰূপত কাম আগবঢ়াই নিবলৈ অনুৰোধ জনায় ।