জোনাই,২২ নৱেম্বৰ:সমগ্ৰ ৰাজ্যৰ চুকে-কোণে আলি-আয়ে-লৃগাঙত মিচিং সমাজে ৰাজ্যিক বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে জোনাইতো বুধবাৰে জোনাই টাউন ক্লাৱ প্ৰাংগনৰ পৰা জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়লৈ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিয়াই । অসম কেবিনেটত সিদ্ধান্ত লোৱা অসমৰ দহখন জিলাত আলি-আয়ে-লৃগাঙত বন্ধ ঘোষণাক লৈ কোনোপধ্যেই মিচিং সচেতন ৰাইজে মানি লোৱা নহ'ব বুলি উল্লেখ কৰি অতি শীঘ্ৰে ৰাজ্যিক বন্ধৰ দাবী উত্থাপন কৰে ।
ইফালে মিচিংসকলৰ প্ৰদান উৎসৱ আলি-আয়ে-লৃগাঙক লৈ শাসনাধিষ্ট বিজেপি চৰকাৰখনে ৰাজনীতি কৰা বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত শিক্ষা প্ৰদান কৰা হ'ব বুলিও সকীয়াই দিয়ে । শতাধিক মিচিং সচেতন ৰাইজৰ উপস্থিতিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে'-কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰক, ৰণোজ পেগু কাম নাই, ভূৱন পেগু কাম নাই শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল হৈ উঠে । অতিশীঘ্ৰে মিচিংসকলৰ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।