ধেমাজি, 9 জুলাই :অখিল গগৈসহ অন্যান্য নেতাসকলক শীঘ্ৰেই উন্নত চিকিৎসা প্ৰদান দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, অসম চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল আৰু মানস কোঁৱৰৰ ওপৰত ইটোৰ পাচত সিটো ভুৱা গোচৰ জাপি দি দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰাখিছে ৷ চৰকাৰ তথা প্ৰশাসনে শাৰীৰিক অসুস্থতা পাচতো কৃষক মুক্তি আৰু ছাত্ৰ-মুক্তিৰ নেতাকেইজনক উন্নত চিকিৎসা প্ৰদান নকৰাটো গৰিহণা যোগ্য ৷
অখিল গগৈসহ অন্যান্য নেতাসকলক উন্নত চিকিৎসা প্ৰদান দাবী - Demand for better treatment of Akhil Gogoi and other leaders
কৃষক নেতা অখিল গগৈ আৰু মানস কোঁৱৰৰো স্বাৱ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
ক'ৰণা মহামাৰীৰ বিভীষিকাৰ ফলত যি সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কাৰাগাৰৰ পৰা ইজনৰ পিছত সিজনকৈ কাৰাবন্দীক মুকলি কৰি দিয়া হৈছে সেই সময়ত অখিল গগৈসহ অন্যান্য নেতাসকলক নতুন নতুন গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰখা হৈছে । প্ৰকৃততে চৰকাৰে অখিল গগৈক ভয় কৰে । চৰকাখনে প্ৰতাৰণা তথা থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যত নতুন আঞ্চলিক শক্তি গঢ় দিয়াৰ চিন্তা চৰ্চা চলিছে । অসম জাতীয়তাবাদী যুৱ পৰিষদে নতুন ৰাজনৈতিক শক্তিৰ পোষকতা কৰে । এনে পৰিস্থিতিত অখিল গগৈ, ধৈৰ্য্য কোঁৱৰৰ দৰে নেতাসকল কাৰাগাৰৰ পৰা বাহিৰ ওলালেই নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন, থলুৱা কৃষকৰ ভূমি পুঁজিপতিক গতাই দিয়া আদি সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হ'ব । ইয়াৰ সমান্তৰাল ভাবে ৰাজ্যখনত এটা শক্তিশাশী ৰাজনৈতিক শক্তি গঠনৰ প্ৰক্ৰিয়াও আগবাঢ়িব । এনে পৰিস্থিতিৰ আশংকা কৰিয়েই অখিল গগৈসহ অন্যান্য নেতা সকলক কাৰাৰুদ্ধ কৰি ৰখা হৈছে ।
লগতে পঢ়ক :শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ সৈতে EXCLUSIVE সাক্ষাৎকাৰ