অসম

assam

ETV Bharat / state

ঋণমুক্ত প্ৰমান পত্ৰৰ দাবীত ধেমাজিত প্ৰতিবাদী সভা - প্ৰতিবাদী সভা

ৰাজ্যত অব্যাহত আছে মাইক্ৰ’ফাইনেঞ্চৰ (Microfinance) ঋণ লোৱা মহিলাৰ প্ৰতিবাদ ৷ সমান্তৰালভাৱে ধেমাজিতো চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ঋণী মহিলা ৷

demajit-defendants-meeting-for-debt-free-certificate-claim
ঋণমুক্ত প্ৰমান পত্ৰৰ দাবীত ধেমাজিত প্ৰতিবাদী সভা

By

Published : Jun 20, 2021, 12:28 PM IST

ধেমাজি,19 জুন :ঋণমুক্ত প্ৰমান পত্ৰৰ দাবীত ধেমাজি জামগুৰি পাচআলিত মহিলাৰ প্ৰতিবাদী সভা ৷ ৰাজ্যত অব্যাহত আছে মাইক্ৰফাইনেঞ্চৰ ঋণ লোৱা মহিলাৰ এই প্ৰতিবাদ ৷ সমান্তৰালভাৱে ধেমাজিতো চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ঋণী মহিলা ৷ শনিবাৰে ধেমাজি জামুগুৰি পাঁচআলিৰ প্ৰমোদ ভৱনত অৰ্ধশতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে ৷ আমাক ঋনমুক্ত প্ৰমানপত্ৰ দিয়ক , আমাক জীয়াই থাকিবলৈ দিয়ক আদি বিভিন্ন শ্লগানেৰে ঋনগ্ৰস্ত ৷

চৰকাৰ গঠন হোৱাৰ পিছতে মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিয়ে দাখিল কৰা প্ৰতিবেদন অনুযায়ী যি চৰ্ত আৰোপ কৰিছে , সেয়া সকলো মহিলাক ঋণ ৰেহাই দিয়াৰ উপৰি ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ দাবী জনায় ৷ অসমৰ দুখীয়া মহিলাৰ মাইক্ৰ'ফাইনেঞ্চ(micro finance)ৰ ঋণ(loan) ওভোটাই দিবলৈ বদ্ধপৰিকৰ অসম চৰকাৰ(assam govt)। শুকুৰবাৰে এই কথা পুনৰবাৰ দোহাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ঋণমুক্ত প্ৰমান পত্ৰৰ দাবীত ধেমাজিত প্ৰতিবাদী সভা

2021 ৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত অসমৰ সকলো মহিলাক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু ঋণ ৰেহাই প্ৰদানৰ সন্দৰ্ভত চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ পাছত বিপদত পৰিছে ঋণগ্ৰস্ত অধিকাংশ মহিলা ৷

চৰকাৰী এই নিৰ্দেশনা সলনি কৰাৰ দাবীত সোমবাৰে তিতাবৰত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ মহিলাই ৷ 2021 চনৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ দাবী জনাইছে মহিলাসকলে ৷ নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত যিহেতু কোনো ধৰণৰ চৰ্ত প্ৰদান কৰা নাছিল, সেয়েহে বৰ্তমানেও কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷

তদুপৰি বৰ্তমান দুটাকৈ বছৰ ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ ফলত মহিলাসকলে ঋণ ঘূৰাই দিবলৈ সক্ষম নোহোৱাত সেইসকল মহিলাৰ প্ৰতি মানবীয় দৃষ্টিভংগীৰে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷ চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পুনৰ ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ দিছে মহিলাসকলে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে, ভাৰতীয় ৰিজাৰ্ভ বেংক(reserve bank of India)ৰ নীতি-নিয়ম নমনাকৈ যি সংখ্যক অনুষ্ঠানে ৰাজ্যj মহিলাক ঋণ দিছিল সেই ঋণ অনুষ্ঠান সমূহেই ৰেহাই দিব। গতিকে চৰকাৰ তেনে ঋণ ঘূৰাই দিয়াৰ পৰাও মুক্ত হৈছে।

লগতে পঢ়ক:চিৰাঙত মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্টক পহু খেদা

ABOUT THE AUTHOR

...view details