অসম

assam

By

Published : Mar 2, 2021, 7:24 AM IST

ETV Bharat / state

নিৰ্বাচনক লৈ সাজু ধেমাজি জিলা প্ৰশাসন

১১৩ নং ধেমাজি (অনুসূচিত জনজাতি) সমষ্টিত এইবাৰ শেহতীয়া তথ্য অনুসৰি মুঠ ২,৪৭,২০৭ ভোটাৰৰ ১,২৪,৬৬৪ জন পুৰুষ আৰু ১,২২,৫৪৩ জন মহিলা ভোটাৰ । সমষ্টিটোত এইবাৰ ৫ টা জ'ন আৰু ৩০ টা ছেক্টৰত মুঠ ৩৫৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে । কভিড প্ৰট'কল অনুসৰি, এটা ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১,০০০ জন ভোটাৰহে ৰখা হৈছে ।

as_dmj_dhemaji_dc_press_meet_1march_speech_as10021
নিৰ্বাচনক লৈ সাজু ধেমাজি জিলা প্ৰশাসন

ধেমাজি,2 মাৰ্চ:আগন্তুক নিৰ্বাচনক লৈ সাজু ধেমাজি জিলা প্ৰশাসন ৷ নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কত দেওবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰা হয় ৷ সংবাদমেল খনত উপায়ুক্ত ড৹ জীৱন বি-এ আগন্তুক বিধানসভা নিৰ্বাচন সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷

সংবাদমেলত সদৰী কৰা অনুসৰি ১১৩ নং ধেমাজি (অনুসূচিত জনজাতি) সমষ্টিত এইবাৰ শেহতীয়া তথ্য অনুসৰি মুঠ ২,৪৭,২০৭ ভোটাৰৰ ১,২৪,৬৬৪ জন পুৰুষ আৰু ১,২২,৫৪৩ জন মহিলা ভোটাৰ । সমষ্টিটোত এইবাৰ ৫ টা জ'ন আৰু ৩০ টা ছেক্টৰত মুঠ ৩৫৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে । কভিড প্ৰট'কল অনুসৰি, এটা ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১,০০০ জন ভোটাৰহে ৰখা হৈছে ।

নিৰ্বাচনক লৈ সাজু ধেমাজি জিলা প্ৰশাসন

আনহাতে, ভোটগ্ৰহণ কেন্দ্ৰত সকলো ধৰণৰ কভিড প্ৰট’কল সম্পূৰ্ণৰূপে মানি চলা হ'ব বুলি জনাইছে উপায়ুক্তই ৷ সাধাৰণ ভোটাৰক নিচিন্ত মনেৰে ভোটদান কৰিবলৈ আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে । তদুপৰি ৮০ ঊৰ্দ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকে আগতীয়াকৈ পোষ্টেল বেলটৰ জৰিয়তে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব ৷

সংবাদমেলতে উপায়ুক্তই নিৰ্বাচন বিধি উলংঘা সম্পৰ্কে অভিযোগৰ বাবে স্থাপন কৰা অভিযোগ কক্ষত ০৩৭৫৩-২২৪০১৪ অথবা ৭৫৭৭০-৩৫৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উল্লেখ কৰে । সংবাদমেলখনতে ধেমাজিৰ আৰক্ষী অধীক্ষক ডা৹ ধনঞ্জয় ঘনৱাটে সংবাদ কৰ্মীসকলক আৰক্ষী বিভাগৰ নিৰ্বাচন সংক্ৰান্তীয় প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । তেওঁ ধেমাজি আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগৰ বাবে ৬০২৬৯-০০৩৫৬ নম্বৰ উপলব্ধ থাকিব বুলি জানিবলৈ দিয়ে । জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো সংবাদকৰ্মীৰে সহযোগিতা বিচাৰে ৷

লগতে পঢ়কঃখহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

ABOUT THE AUTHOR

...view details