অসম

assam

Deforestation in Assam : জোনাইৰ পবা বনাঞ্চলত ধ্বংসযজ্ঞ অব্যাহত

By

Published : Aug 4, 2023, 5:15 PM IST

জোনাইৰ পবা বনাঞ্চলত মুক্ত বন ধ্বংসযজ্ঞ অব্যাহত ।মুক্তভাৱে মূল্যবান গছ কটি পবা বনাঞ্চল ধ্বংস কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ ৷

Deforestation in Jonai
জোনাইৰ পবা সংৰক্ষিত বনাঞ্চল

জোনাইৰ পবা সংৰক্ষিত বনাঞ্চল

জোনাই, ৪ আগষ্ট: যি সময়ত ধেমাজি জিলাৰ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণাৰ বাবে বিভিন্ন দল-সংগঠন, প্ৰকৃতিপ্ৰেমী তথা ধেমাজিবাসীয়ে দাবী জনাই আহিছে সেই সময়তে একাংশ দুষ্কৃতিকাৰীয়ে এই বনাঞ্চল ধ্বংস যজ্ঞত নামিছে ৷ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বিটৰ সমীপৰ আৰু গড়কাপ্তানি পথৰ নিচেই কাষতে এনেদৰে মুক্তভাৱে এচাম দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মূল্যবান গছ কাটি তহিলং কৰিছে । ইয়াৰ পিচতো ঘোৰ নিদ্ৰাত জোনাই বন বিভাগ ৷

পবা বনাঞ্চলৰ তিনিমাইল বিটত পবা সুৰক্ষাৰ নামত খণ্ড বন বিষয়া, বনকৰ্মী তথা বন সুৰক্ষা বাহিনী থকাৰ পিচতো বিটতোৰ নিচেই কাষতে কেনেদৰে দুষ্ট চক্ৰই মুক্তভাৱে মূল্যবান গছ কাটিব পাৰিছে ইয়াক লৈ জোনাই বন বিভাগৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ ইফালে, বিটৰ নিচেই কাষতে কাৰ ছত্ৰছায়াত চোৰাং কাঠ বেপাৰীয়ে এনেদৰে মুক্তভাৱে মূল্যবান গছ কাটিব পাৰিছে বুলি জোনাই বন বিভাগক প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে ধেমাজি জিলাত চৰকাৰী তথ্য মতে, মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আছে যদিও ১০,২২১ হেক্টৰৰ জোনাইৰ চিয়াং-লালী পাৰত অৱস্থিত একমাত্ৰ পবা বনাঞ্চলখনহে বৰ্তি আছে ৷ তাৰো ৩০/৩৫ শতাংশ গৰাখহনীয়া আৰু বেদখলৰ কবলত পৰি বনাঞ্চলখনৰ মাটিকালি হ্ৰাস পাইছে ৷ সেয়ে জোনাইৰ বিভিন্ন দল-সংগঠন তথা কাষৰীয়া ৰাইজে দীৰ্ঘদিনৰ পৰা পবা বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰি ইয়াক স্থায়ী সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে ৷

ইফালে, স্থানীয় ৰাইজে পবা বনাঞ্চলত বন ধ্বংসযজ্ঞ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দায়িত্বত থকা বন বিষয়াসকলক দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে ৷ লগতে চোৰাং বেপাৰীৰ সতে জোনাই বন বিভাগৰ মিতিৰালিৰ ফলত বনাঞ্চলখনৰ অৰ্ন্তভাগত মূল্যবান গছ কাটি তহিলং কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক:150 year old tree fell in Rangia: ৰঙিয়াত ডেৰশ বছৰীয়া গছ উভালি ব্য়াহত বিদ্যুৎ যোগান

For All Latest Updates

ABOUT THE AUTHOR

...view details