অসম

assam

ETV Bharat / state

খোদ বন বিভাগৰ হাততে বনাঞ্চল ধ্বংস - deforestation at poba reserve forest

জোনাইত বন বিভাগৰ আজব কাণ্ড ৷ পবা বনাঞ্চলত নাৰ্ছাৰী স্থাপনৰ নামত বন বিভাগে কৰিছে বন ধ্বংস ৷ এই ঘটনাৰ সন্দৰ্ভত জোনাইৰ মহকুমাধিপতিৰ হস্তক্ষেপ বিচাৰিছে জোনাই মহকুমা ছাত্ৰ সন্থাই ৷

Deforestation in Pabo forest
পবা বনাঞ্চলত বন ধ্বংশ যজ্ঞ বন বিভাগৰ

By

Published : Jul 16, 2021, 8:16 AM IST

জোনাই,16 জুলাই: ৰাজ্যৰ বন বিভাগৰ আজব কাণ্ড ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে বন বিভাগলৈ ৷ অভিযোগ অনুসৰি, বন ধ্বংশযজ্ঞত নামিছে খোদ বন বিভাগেই ৷

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বনাঞ্চল সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে জোনাইত খোদ বন বিভাগ নামিছে বন ধ্বংস কাৰ্যত ৷ নাৰ্ছাৰী বনোৱাৰ নামত পবা সংৰক্ষিত বনাঞ্চলৰ (Poba Reserve Forest) প্ৰায় দুবিঘা মাটিৰ বন তথা মূল্যবান গছ গছনি কাটি তহিলং কৰিছে বন বিভাগে ৷ বন বিভাগৰ এই অবিবেচনাহীন কাণ্ডই জোনাইবাসী ৰাইজৰ চকু কপালত তুলিছে ৷

মূল্যবান গছৰ পুলি কাটি নাৰ্ছাৰী বনাব বিচাৰিছে বন বিভাগে ৷ পবা সংৰক্ষিত বনাঞ্চলৰ তিনি মাইল বিটৰ অন্তৰ্গত প্ৰায় দুবিঘা মাটিত বন বিভগে আৰম্ভ কৰিব এটা নাৰ্ছাৰী ৷

পবা বনাঞ্চলত বন ধ্বংশ যজ্ঞ বন বিভাগৰ

কিন্তু এই নাৰ্ছাৰী বনাবলৈ যিডোখৰ ঠাই জোনাই বনাঞ্চিলক বিভাগে ঠিক কৰিছে, সেইটো পবাৰ এটা ডাঠ বনানিৰ অঞ্চল ৷ বিগত কিছুদিন ধৰি বন বিভাগে মানুহ লগাই আৰম্ভ কৰিছে বন ধ্বংসৰ অভিযান ৷ বনাঞ্চলৰ সেউজীয়া বানানি কাটি নাৰ্ছাৰী স্থাপন কৰাটো বিযয়টোক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ৷ বন বিভাগৰ এই কাৰ্যক সমালোচনাও কৰিছে সচেতন মহলে ৷

যি সময়ত ধেমাজি আৰু জোনাইবাসী ৰাইজে পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণাৰ দাবী জনাই বহু আন্দোলন কৰি আহিছে ৷ তেনে সময়ত জোনাই বন বিভাগৰ এই কাৰ্যক লৈ তীব্ৰ বিৰোধিতা কৰিছে সচেতন মহলে ৷ আনহাতে, ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বর্ষাৰণ্য তথা জৈৱ বৈচিত্ৰাৰ ভঁড়াল পবা সংৰক্ষিত বনাঞ্চলত নাৰ্ছাৰী স্থাপনৰ নামত বন বিভাগে শ শ অপৈণত গছ কাটি ধ্বংস যজ্ঞ চলোৱা ঘটনাৰ সন্দৰ্ভত উচিত তদন্তৰ দাবীত জনাইছে জোনাই মহকুমা ছাত্ৰ সন্থাই ৷

বন বিভাগৰ এই ঘটনাৰ সন্দৰ্ভত জোনাই মহকুমাধিপতিক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷ স্মাৰক পত্ৰত জোনাই মহকুমা ছাত্ৰ সন্থাই বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত নাৰ্ছাৰীৰ নামত শ শ অপৈণত গছ কাটি বন বিভাগে চলোৱা ধ্বংসযজ্ঞ বন্ধ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট

ABOUT THE AUTHOR

...view details