ধেমাজি,৪ মে': ধেমাজি বনসংমণ্ডলৰ অধীনৰ মৰিধল জপৰাগুৰি গাঁৱত সোমবাৰে উদ্ধাৰ হয় এটি প্ৰাপ্তবয়স্ক হৰিণ । জপৰাগুৰি গাঁৱৰ ৰাইজে হৰিণটো ধৰি ৰখাৰ খবৰ লাভ কৰা পাচতে ধেমাজিৰ বনাঞ্চলিক বিষয়াৰ নিৰ্দেশত এটা বন কৰ্মীৰ দল সেই স্থানত উপস্থিত হৈ হৰিণটো উদ্ধাৰ কৰে ।
চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু বনবিভাগে উদ্ধাৰ কৰা হৰিণৰ - deer rescued in Dhemaji
সোমবাৰে ধেমাজিৰ মৰিধল জপৰাগুৰি গাঁৱত উদ্ধাৰ এটি প্ৰাপ্তবয়স্ক হৰিণ । জপৰাগুৰি গাঁৱৰ ৰাইজে আৱদ্ধ কৰি ৰখা সময়তে বন কৰ্মীৰ এটা দলে উদ্ধাৰ কৰে হৰিণাটো ।

ধেমাজিত উদ্ধাৰ হৰিণ
আনহাতে, আঘাতপ্ৰাপ্ত হৰিণটো গাড়ীৰে ধেমাজি জিলা পশু চিকিৎসালয়ৰ কাৰ্য়ালয়লৈ আনি থকাৰ পথতে দুভাৰ্গ্যবশত হৰিণটো মৃত্যু ঘটে বুলি জানিবলৈ দিয়ে বনকৰ্মীয়ে ।
ধেমাজিত উদ্ধাৰ হৰিণ