অসম

assam

ETV Bharat / state

জোনাইৰ পবা বনাঞ্চলৰ পৰা ওলাই অহা এটা সুগৰী পহু উদ্ধাৰ - deer rescue

জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলৰ পৰা নিশা এটা সুগৰী পহু খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু পহুটোক জোনাই আৰক্ষীক গতাই দিয়ে ৷

sugori pohu at jonai
জোনাইৰ পবা বনাঞ্চলৰ পৰা উলাই অহা এটা সুগৰী পহু উদ্ধাৰ

By

Published : Jun 3, 2021, 2:29 PM IST

Updated : Jun 3, 2021, 3:36 PM IST

জোনাই, 3 জুন : জোনাইত অৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহিল এটা সুগৰী পহু ৷ ধেমাজি জিলাৰ জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলৰ পৰা নিশা এটা সুগৰী পহু খাদ্যৰ সন্ধানত ওলাই অহা বুলি আশংকা কৰিছে স্থানীয় ৰাইজে ৷ জোনাইৰ মূৰ্কংচেলেক গাঁৱৰ পাচতে নেপালী বস্তিৰ জুবলী স্কুলৰ কাষত দিশহাৰা হৈ থকা পহুটোক স্থানীয় লোকে প্ৰত্যক্ষ কৰে ।

জোনাইৰ পবা বনাঞ্চলৰ পৰা ওলাই অহা এটা সুগৰী পহু উদ্ধাৰ

পহুটোৰ উপস্থিতিৰ কথা গম পোৱাৰ লগে লগে অঞ্চলটোত বহু লোকৰ সমাগম হয় । পিছে অজস্ৰ মানুহৰ সমাগম দেখি হৰিণা পহুটো উক্ত স্থান এৰি পলাবলৈ চেষ্টা কৰে যদিও একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজে সুগৰী পহুটোক দুষ্ট চক্ৰৰ কবলত পৰা আশংকাত কৰি জোনাই আৰক্ষীক গতাই দিয়ে ৷

ইয়াৰ পাচতে জোনাই আৰক্ষীয়ে বন বিভাগক খবৰ দিয়ে ৷ পহুটোৰ শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে জোনাই বন বিভাগে মহকুমা পশু চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ যায় ৷ চিকিৎসা প্ৰদান কৰাৰ পাচতে জোনাই বন বিভাগে পুনৰ পবা বনাঞ্চলৰ লেকু বিটৰ কাষত মুকলি কৰি দিয়ে সুগৰী পহুটো ৷

লগতে পঢ়ক : ডোভাল, ভাল্লা, "ৰ"ৰ মুৰব্বীৰে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে !

Last Updated : Jun 3, 2021, 3:36 PM IST

ABOUT THE AUTHOR

...view details