অসম

assam

ETV Bharat / state

Municipal election 2022 : বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা - BJP candidate list announce in Nalbari

অহা ৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা পৌৰসভা নিৰ্বাচনৰ বাবে দেওবাৰে ঘোষণা কৰা হয় বিজেপিৰ প্ৰাৰ্থীৰ তালিকা (Declaration of Municipal Candidate List by BJP) ৷ চাওঁক আহক কোনটো সমষ্টিৰ পৰা কোনে কোনে লাভ কৰিছে প্ৰতিদন্দিতা ৷

declaration-of-municipal-election-2022-candidate-list-by-bjp
ৰাজ্যৰ ভিন্ন প্ৰান্তত পৌৰসভাৰ প্ৰাৰ্থী তালিকা ঘোষণা

By

Published : Feb 14, 2022, 2:09 PM IST

নিউজ ডেস্ক,14 ফেব্ৰুৱাৰী : অহা ৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা ধেমাজি আৰু চিলাপথাৰ পৌৰসভা নিৰ্বাচনৰ বাবে দেওবাৰে চূড়ান্ত কৰা হয় বিজেপিৰ প্ৰাৰ্থীৰ তালিকা(BJP Candidate List Declaired) ৷ ধেমাজি জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত দেওবাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে পৌৰসভা সমষ্টি দুটাৰ প্ৰাৰ্থী তালিকাখন ৷ ধেমাজি পৌৰসভাৰ ১০ টা ৱাৰ্ড আৰু চিলাপথাৰ পৌৰসভাৰ ১২ টা ৱাৰ্ডৰ বাবে ঘোষণা কৰা হয় প্ৰাৰ্থী তালিকাখন(Ranoj Pegu announce BJP candidate list of Dhemaji) ৷

মন্ত্ৰী ডাঃ ৰণোজ পেগু

ধেমাজি পৌৰসভাৰ প্ৰাৰ্থী হিচাপে ১ নম্বৰ ৱাৰ্ডত অগপ প্ৰাৰ্থী ৰিংকু কোঁৱৰ গগৈ , ২ নম্বৰ ৱাৰ্ডত দীপৰেখা দাস বাগ্ৰী , ৩ নম্বৰ ৱাৰ্ডত প্ৰতিমা দাস, ৪ নম্বৰ ৱাৰ্ডত নিবেদিতা দাস দেউৰী, ৫ নম্বৰ ৱাৰ্ডত বিজয়া কাকতি, ৬ নম্বৰ ৱাৰ্ডত দিব্যজ্যোতি ডেকাবৰুৱা, ৭ নম্বৰ ৱাৰ্ডত ৰিন্টু দত্ত, ৮ ৱাৰ্ডত অগপৰ প্ৰাৰ্থী হেৰেম্ব বৰগোহাঁই আৰু ১০ ৱাৰ্ডত বিপ্লৱ কোঁৱৰক বিজেপি প্ৰাৰ্থীৰ হিচাপে চূড়ান্ত কৰিছে ৷

আনহাতে চিলপথাৰ পৌৰসভা নিৰ্বাচনৰ বাবে ১ নম্বৰ ৱাৰ্ডত ধনদা বুঢ়াগোঁহাই গগৈ, ২ নম্বৰ ৱাৰ্ডত তৰুনিমা দত্ত ৰয়, ৩ নম্বৰ ৱাৰ্ডত জেনিফা ফুকন, ৪ নম্বৰ ৱাৰ্ডত অনিমা ফুকন, ৫ নম্বৰ ৱাৰ্ডত ৰিতা দাস, ৬ নম্বৰ ৱাৰ্ডত লাৱণ্য পাইট দলে, ৭ নম্বৰ ৱাৰ্ডত শামিষ্টাৰ দেৱ, ৮ নম্বৰ ৱাৰ্ডত কবিতা সোণোৱাল ফুকন, ৯ নম্বৰ ৱাৰ্ডত দিনেশ দলে, ১০ নম্বৰ ৱাৰ্ডত দিনেশ দাস, ১১ নম্বৰ ৱাৰ্ডত মনোৰমা দে’ আৰু ১২ নম্বৰ ৱাৰ্ডত লঙ্কেশ্বৰ দাসে দলীয় টিকট লাভ কৰে ৷

কৰিমগঞ্জৰ প্ৰাৰ্থীৰ তালিকা

ইফালে কৰিমগঞ্জৰ বদৰপুৰ ৰামকৃষ্ণনগৰত দেওবাৰে প্ৰকাশ কৰা হয় পৌৰসভাৰ বিজেপি প্ৰাৰ্থীৰ নাম(BJP candidate list announce in Karimganj) ৷ কৰিমগঞ্জ জিলাৰ তিনিটা পৌৰসভাৰ বিজেপি প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰে কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচার্য । ইফালে পৌৰসভাৰ এটা ৱাৰ্ডত এগৰাকী সংখ্যালঘু মহিলাক প্ৰাৰ্থীত্ব দিয়া হৈছে বুলি কৰিমগঞ্জ জিলা বিজেপি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে দেওবাৰে নলবাৰীত বিজেপি মিত্ৰজোঁটে এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে ১৭ টা ওৱাৰ্ডৰ পৌৰসভাৰ তালিকা (BJP candidate list announce in Nalbari)৷ নলবাৰী বিজেপিৰ টাউন মণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলত পৌৰসভাৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে ৷

কৰিমগঞ্জৰ প্ৰাৰ্থীৰ তালিকা

তালিকা অনুসৰি ক্ৰমে 1 নং ৱাৰ্ডত বিজেপিৰ হৈ প্ৰাথীত্ব আগবঢ়াইছে প্ৰণীতা বৰ্মন ,2 নং ৱাৰ্ডত সীমান্ত বৰ্মন,3 অনুৰিমা চক্ৰৱৰ্তী,4নং ৱাৰ্ডত নগেন দত্ত, 5নং ৱাৰ্ডত মৰমী ৰাজবংশী ,6 নং ৱাৰ্ডত জয়শ্ৰী তালুকদাৰ ,7 নং ৱাৰ্ডত নিকী দেৱী জালান, 9 নং ৱাৰ্ডত চৰিত্ৰ দাস, 10 নং ৱাৰ্ডত ধীৰেণ মালাকৰ নং ৱাৰ্ডত হিমানী ডেকা, 13নং ৱাৰ্ডত পৰাগ দত্ত বৰুৱা, 14নং ৱাৰ্ডত অলকা বৰ্মন ,15নং বাৰ্ডত ৰূপন জ্যোতি শৰ্মা ,16নং ৱাৰ্ডত কৰিস্মা অধিকাৰী আৰু 17নং ৱাৰ্ডত জয়ন্ত বুজৰবৰুৱা ৷ আনহাতে মিত্ৰদল অগপৰ হৈ 8নং ৱাৰ্ডত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ইমৰাণ হুছেইন আৰু 11নং ৱাৰ্ডত ড' ৰবীন দাসে ৷

কৰিমগঞ্জৰ প্ৰাৰ্থীৰ তালিকা

লগতে পঢ়ক :তৃণমূল কৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details