অসম

assam

ETV Bharat / state

কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ধেমাজিৰ কেবিনেট বৈঠকত ? - Decisions taken at Dhemaji cabinet meeting

ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে ৷

Decisions taken at Dhemaji cabinet meeting
কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ধেমাজিৰ কেবিনেট বৈঠকত ?

By

Published : Sep 30, 2021, 9:57 PM IST

ধেমাজি, 30 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে ৷ বৈঠকত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হৈছে :

  • এতিয়াৰে পৰা ৰাজ্যত OBC community প্ৰমাণ পত্ৰ OBC বৰ্ডৰ বিপৰীতে সেই জনগোষ্ঠীৰ ব’ৰ্ডে প্ৰদান কৰিব ৷
  • জোনাই মুকংচেলেক টাই বেল্ট আৰু ঢকুৱাখনা চাৰিকড়িয়া টাইবেল্ট ব্লকত এতিয়াৰে পৰা আহোম, চুতীয়া, কোচৰাজবংশী, গোখাসকলে মাটি কিনা বেচা কৰিব পাৰিব ৷ অৱশ্যে ২০১১ চনৰ পূৰ্বে এই অঞ্চলত চেটেলমেন্ট কৰা হ'ব লাগিব বুলি চৰ্ত আৰোপ কৰা থাকিব ৷
  • ধেমাজি জিলাৰ চিচিটঙানি নামৰ নতুন টাই বেল্ট এটা গঠন কৰিছে ৷ য’ত ৮৯ খন জৰীপ কৰা ৰাজহ গাওঁ সামৰি লোৱা হৈছে ।
    ইপিনে এতিয়াৰে ঢকুৱাখনা চাৰিকঢ়িয়া টাই বেল্ট নাথাকিব বুলি সিদ্ধান্ত কৰে ৷
  • মিছন বসুন্ধৰা আচঁনিখন শেষ নোহোৱালৈকে কোনো ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীক আন কামত ব্যৱহাৰ কৰিব নোৱাৰা সিদ্ধান্ত ৷
  • ডিব্ৰুগড় আৰু শিলচৰ পৌৰসভা দুখন municipality cooperative লৈ উন্নীত ৷
  • হিন্দুস্থান পেপাৰ কোপাৰেটিভ ভুক্তভোগী পৰিয়ালৰ বাবে 570 কোটি ৰিলিজ পেকেজ ৷ সৰ্বমুঠ ৭ কোটি পেকেজ অনুমোদন ৷
  • মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই ৰ বাবে ১১ লাখ লোকক ২৫০০০ টকাকৈ ১৮০০ কোটি অনুমোদন ৷
  • ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়টো এট ইন্টিগ্ৰেটেট ডেপুটি কমিচনাৰ কাৰ্যালয় হিচাপে স্থাপন কৰাৰ বাবে ৫০ কোটি অনুমোদন ৷
  • ধেমাজিত উন্নত মানদণ্ডৰ ষ্টেডিয়াম স্থাপনৰ বাবে ৫০ কোটি অনুমোদন ৷
  • জোনাইৰ পৰা ঢকুৱাখনা মাজুলীলৈকে Road embankment প্ৰকল্পৰ বাবে 183 কোটি অনুমোদন ৷ ইয়াৰে ধেমাজিত ব্যয় হ'ব ১৫ কোটি, জোনাইত ৩৬ কোটি আৰু ঢকুৱাখনাত ১০৮ কোটি আৰু মাজুলীত ২১ কোটি ব্যয় হ'ব ৷
  • ধেমাজিত বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি ৷
  • কেৱল ধেমাজিৰ বাবে সৰ্বমুঠ ৪৩৩ কোটি অনুমোদন কেবিনেটত ৷
  • একেদৰে ধেমাজি চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ভূমি অধিগ্ৰহণ প্ৰপোজেল অনুমোদন জনাইছে কেবিনেটত ৷

ABOUT THE AUTHOR

...view details