অসম

assam

ETV Bharat / state

জোনাইত দুখন গাঁৱৰ সম-পৰিমাণৰ ভূমিত বনাঞ্চল নিৰ্মাণৰ সিদ্ধান্ত - Decision to build forest in Jonai

জোনাইত বনাঞ্চল নিৰ্মাণ কৰাৰ সিদ্ধান্ত । জোনাই মহকুমাৰ বিজয়পুৰ আৰু গালি বনগাঁৱক ৰাজহ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰিকল্পনা । বিধায়ক ভূৱন পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত টিএমপিকে তথা কেইবাটাও দল-সংগঠন ।

Decision to recognise two villages as revenue villages in Jonai
জোনাইত দুখন গাঁৱৰ সম পৰিমাণৰ ভূমিত বনাঞ্চল নিৰ্মাণৰ সিদ্ধান্ত

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 6:28 PM IST

জোনাইত দুখন গাঁৱৰ সম পৰিমাণৰ ভূমিত বনাঞ্চল নিৰ্মাণৰ সিদ্ধান্ত

জোনাই,৮ ডিচেম্বৰ :ধেমাজি জিলাৰ জোনাই মহকুমাৰ বিজয়পুৰ আৰু গালি বনগাঁৱক ৰাজহ গাঁৱলৈ পৰিবৰ্তন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক পৰিকল্পনা যুগুত কৰি উলিয়াইছে । এই সন্দৰ্ভত টিএমপিকেৰ সভাপতি তিলক দলে, সন্মিলিত গণ শক্তি অসমৰ সভাপতি অতুল পেগুৰ নেতৃত্বত টিএমপিকেৰ এটা সঁজাতি দলে জোনাইৰ বিধায়ক ভূৱন পেগুৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অলপতে বৃটিছৰ আমোলত সৃষ্টি কৰা বিজয়পুৰ আৰু গালি বনগাঁও দুখনক ৰাজহ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে আলোচনাত মিলিত হয় ।

আলোচনাকালত মুখ্যমন্ত্ৰীয়ে বিজয়পুৰ আৰু গালি বনগাঁও দুখনক ৰাজহ গাঁৱলৈ পৰিৱৰ্তন কৰিবলৈ উল্লেখিত দুখন গাঁৱৰ মুঠ ভূমিৰ পৰিমাণ অন্য ঠাইত উলিয়াই সম-পৰিমাণৰ ভূমিত বনাঞ্চল নিৰ্মাণ কৰাৰ উপায় আগবঢ়াই উক্ত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ প্ৰসংগ অৱগত কৰে বুলি বিধায়ক ভূৱন পেগুৱে সাংবাদিকৰ আগত উল্লেখ কৰে ।

ভূৱন পেগুৱে লগতে কয় যে বিজয়পুৰ আৰু গালি বনগাঁৱৰ মুঠ ভূমিৰ সম-পৰিমাণৰ ভূমিত গছপুলি ৰোপণ কৰিবলৈ নৈপৰীয়া অঞ্চলত ভূমি চিনাক্ত কৰিবলৈ ধেমাজি জিলা উপায়ুক্তৰ সৈতে কথা পতা হৈছে আৰু ইয়াৰ পাছত জিলা উপায়ুক্তই জোনাই মহকুমাৰ মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াক ইয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়া বুলি উল্লেখ কৰি নৈপৰীয়া অঞ্চলত বনাঞ্চল নিৰ্মাণ কৰিলে বান-খহনীয়া নিয়ন্ত্ৰণৰ লগতে এক নতুন প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হ'ব বুলি বক্তব্য আগবঢ়ায় । এই পদক্ষেপক আদৰণি জনাইছে জোনাইৰ সচেতন ৰাইজে ।

লগতে পঢ়ক :সপোনৰ পমখেদি বুবুৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details