জোনাই, ২৫ জুন : যোৱা কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা চিয়াং নৈৰ পানীয়ে জলমগ্ন কৰিছে জোনাইৰ বিস্তীৰ্ণ অঞ্চল । বৃহস্পতি বাৰে চিয়াং নদীৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল'লে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই ৷ জোনাই বেৰাচাপৰিৰ বানক্ৰান্ত অঞ্চলত উপস্থিত হৈ চিয়াং নদীয়ে বিধ্বস্ত কৰা ৫০ লাখ টকীয়া মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ বাৰিষাৰ পূৰ্বে জলসম্পদ বিভাগে মথাউৰিৰ কাম সময় মতে নকৰাৰ বাবে আজি নৈ পৰীয়া ৰাইজে জীয়াতু ভুগিব লগা হৈছে বুলি সমালোচনা কৰে দেবব্ৰত শইকীয়াই ৷
জোনাইত বানাক্ৰান্তৰে মত বিনিময় বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ - Debabrat Saikia visited flood effected area of Jonai
জোনাই বেৰাচাপৰিৰ বানক্ৰান্ত অঞ্চলত উপস্থিত হৈ চিয়াং নদীয়ে বিধ্বস্ত কৰা ৫০ লাখ টকীয়া মথাউৰি পৰিদৰ্শন কৰি ৰাজ্যৰ জলসম্পদ মন্ত্ৰীক তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি গৰাকীয়ে ৷
উল্লেখ্য যে, লালী নদীৰ খহনীয়াত বিঘাই বিঘাই ভূমি জাহ যোৱাৰ ওপৰিও বহু পৰিয়ালৰ ঘৰ-বাৰী ধ্বংস আৰু খেতি পথাৰ উচন হৈছে ৷ চৰকাৰখনে প্ৰতিশ্ৰুতি দি কৈছিল যোৱা ২০১৬ চনতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত মথাউৰি নিৰ্মাণ কৰা হব, ব্ৰহ্মপুত্ৰৰ দুয়োফালে হাইৱে বনোৱা হ'ব ৷ কিন্তু চাৰিটা বছৰে ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত কোনোধৰণৰ কামৰ নমুনা চকুত নপৰিল ৷ যোৱা চাৰিটা বছৰে চৰকাৰখনে মিছা প্ৰতিশ্ৰুতিৰে যে ৰাইজক ঠগি আহিছে ইয়াতেই তাৰ প্ৰমাণ ৷ বান ক্ষতিগ্ৰস্ত ৰাইজৰ সতে মত বিনিময় কৰি চৰকাৰে মথাউৰিবোৰ সময়ত নিৰ্মাণ নকৰা আৰু দুৰ্ণীতিৰ আশ্ৰয় লোবা বুলিও তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ উল্লেখ্য যে, পৰিদৰ্শনৰ সময়ত দেবব্ৰত শইকীয়াক সংগ দিয়ে অসম প্ৰদেশ ট্ৰাইবেল কমিটিৰ আহ্বায়ক সঞ্জয় পেগু ,অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক বিজু পেগু, মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ সভাপতি হিতেশ পেগু , অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশীল পেগু, যুৱ কংগ্ৰেছৰ লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সভাপতিৰ লগতে ধেমাজি জিলাৰ অসম প্ৰদেশ কংগ্ৰেছ কৰ্মী সকলে ৷
লগতে পঢ়কঃতিনিচুকীয়াৰ বানাক্ৰান্তক উচিত সাহায্য প্ৰদানৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ