ধেমাজি , 9 জুলাইঃগুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ ফলত চিন্তিত হৈ পৰিছে অসমৰ বিভিন্ন জিলা । গুৱাহাটীৰ পৰা আন জিলাসমূহলৈ যাতে কৰ'ণাৰ গণ সংক্ৰমণ বিয়পিব নোৱাৰে তাৰ বাবে ইতিমধ্যে বহু জিলাই গুৱাহাটীৰ পৰা আহ-যাহ বন্ধ কৰি দিছে । ধেমাজি জিলা প্ৰশাসনেও এই ক্ষেত্ৰত লৈছে বিশেষ ব্যৱস্থা । সেই অনুসৰি গুৱাহাটীৰ পৰা কোনো লোক ধেমাজিলৈ গলে বিনা অনুমতিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব জিলাখনত ।
গুৱাহাটীৰ পৰা যোৱা ব্যক্তিৰ বিনা অনুমতিত প্ৰৱেশ নিষেধ ধেমাজিত - কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ
গুৱাহাটীৰ পৰা কোনো লোক ধেমাজিলৈ গলে বিনা অনুমতিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব জিলাখনত । আগতীয়াকৈ জিলাখনৰ কন্ট্ৰল ৰূমত ফোন কৰি ল'ব লাগিব অনুমতি । লগতে 14 দিন হোম কোৱাৰাইণ্টাইনত থাকিব লাগিব ।
DC office order to migrant from guwahati
সেই অনুসৰি গুৱাহাটীৰ পৰা অহা কোনো ব্যক্তিয়ে ধেমাজি জিলাত প্ৰৱেশৰ আগতেই জিলা প্ৰশাসনৰ কন্ট্ৰল ৰুমৰ নম্বৰ 1077 বা লেণ্ড লাইন নম্বৰ 03753- 224014 ত কল কৰি পূৰ্বতেই অনুমতি ল'ব লাগিব ।
ইয়াৰ ওপৰিও গুৱাহাটীৰ পৰা যোৱা লোকসকলে 14 দিনৰ বাবে হোম কোৱাৰাইণ্টাইনত থাকিব লাগিব । জিলা উপায়ুক্তই এই সম্পৰ্কীয় জাননী ইতিমধ্যে জাৰি কৰিছে ।