পৰাগ ভূঞাক ৰাজনৈতিক ভাবে হত্যা কৰা হৈছেঃ অদীপ ফুকন - পৰাগ ভূঞাৰ হত্যাকাণ্ড
দূৰ্নীতিৰ বিৰুদ্ধে আপোচ বিহীন ভাবে বাতৰি কৰিছিল সাংবাদিক পৰাগ ভূঞাই । প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত মঙ্গলদৈ প্ৰেছ ক্লাৱ আৰু মঙ্গলদৈ ইলেকট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
দৰং, 13 নৱেম্বৰ : প্ৰতিদিন টাইম’ৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি মঙলদৈ প্ৰেছ ক্লাৱৰ সন্মুখত শুকুৰবাৰে সংবাদ কৰ্মী সকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিদিন টাইম’ৰ কাকপথাৰৰ সাংবাদিক গৰাকীক অচিনাক্ত বাহনেৰে খুন্দিয়াই হত্যা কৰা সন্দেহ কৰা হৈছে ।
দূৰ্নীতিৰ বিৰুদ্ধে আপোচ বিহীন ভাবে বাতৰি কৰিছিল সাংবাদিক পৰাগ ভূঞাই । প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত মঙ্গলদৈ প্ৰেছ ক্লাৱ আৰু মঙ্গলদৈ ইলেকট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীত সংবাদকৰ্মী সকলৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,নতুন কৈ গঠন হোৱা আঞ্চলিক দল এজেপিৰ কেবাগৰাৰী নেতাও অংশগ্ৰহণ কৰে । সৎ সাহসী সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুত এতিয়া ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ জুই । এই প্ৰতিবাদী সভাতে উপস্থিত থাকি অদীপ ফুকনে পৰাগ ভূঞাক ৰাজনৈতিক ভাবে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক: পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ