জোনাই,৬ অক্টোবৰ:জোনাইৰ অসম-অৰুণাচল সীমান্তৰ পবা বনাঞ্চলৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষেৰে যোৱা 11KV বিদ্যুৎ প্ৰৱাহিত তাঁৰত শ্বৰ্ট চাৰ্কিট হৈ কোনোমতে প্ৰাণৰক্ষা পৰে এজাক বন্যহস্তীৰ ৷ জানিব পৰা মতে মাজনিশা বন্যহস্তীৰ জাকটোৱে হস্তী কৰিডৰেৰে পবা বনাঞ্চলৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰিবলৈ লওঁতে বিদ্যুতৰ খুঁটাত লাগি যোৱাৰ ফলত নেকেড কণ্ডাক্টৰ লগোৱা বিদ্যুৎ প্ৰৱাহিত তাঁৰ গছত লাগি শ্বৰ্ট চাৰ্কিট হয় ৷
শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যুতৰ তাৰ চিঙি বন্যহস্তীৰ গাতো কাৰেণ্ট শ্বৰ্ট হোৱাত বিকট চিঞৰ মাৰি বন্যহস্তীৰ জাকটোৱে অ'ত ত'ত দৌৰি কোনোমতে প্ৰাণ ৰক্ষা পৰা বুলি জানিব স্থানীয় ৰাইজে ৷ ইফালে স্থানীয় ৰাইজে মাজ নিশাই লগে লগে বিদ্যুৎ বিভাগৰ লোকক খবৰ দিয়াত বিদ্যুৎ বিভাগৰ লোক আহি বিদ্যুতৰ তাঁৰসমূহ মেৰামতি কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে পবা বৰ্ষাৰণ্যৰ মাজেৰে যোৱা 11KV বিদ্যুতৰ লাইনটো মাত্ৰ তিনি কিলোমিটাৰহে কভাৰ কণ্ডাক্টৰ দিয়া আছে যদিও বাকী অংশত নিদিয়াত পবা বৰ্ষাৰণ্যৰ বন্যপ্ৰাণী ওলাই খুঁটাবোৰ গাত লাগি বা সাধাৰণ বতাহ-ধুমুহা আহিলেও উক্ত ঠাইত বিদ্যুতৰ তাৰ চিঙা বা গছত লাগি শ্বৰ্ট চাৰ্কিটৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ৷