জোনাই, ২ আগষ্টঃজোনাই মহকুমাৰ এক বৃহত্তৰ অঞ্চল বেৰাচাপৰিত প্ৰতিবছৰে চিয়াং আৰু লালী নৈৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে ৷ বিগত ১৫- ২০ বছৰ ধৰি চিয়াং আৰু লালী নৈৰ বান আৰু খহনীয়াই এই অঞ্চলৰ ৰাইজৰ আপোন ঘৰ-বাৰী সকলো কাঢ়ি নিয়াৰ লগতে বহুলোকক গৃহহাৰা কৰিলে ৷ বৰ্তমানে মথাউৰিতে জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোক সকলৰ ৷
আনহাতে বহু পৰিয়ালে বানত ঘৰ-বাৰী উছন হোৱাত আন ঠাইলৈ গুচি গ'ল ৷ বিপৰীতে আন একাংশই আত্মীয় কুটুমৰ গাঁৱতে আশ্ৰয় ল'বলগীয়া হৈছে ৷ যোৱা দহবছৰৰো অধিক সময় বান আৰু গৰাখহনীয়াই জুৰুলা কাৰাৰ পিছতো কিন্তু এই অঞ্চলৰ সুৰক্ষাৰ বাবে কোনো চৰকাৰ বা জনপ্ৰতিনিধিয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷ তাৰোপৰি বৰ্তমান যেতিয়া অসমৰ মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১৪নং লখিমপুৰ লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেতিয়া অঞ্চলটোৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ লোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো এই বেৰাচাপৰি অঞ্চলটোৰ বাবে কোনো উন্নয়ণমূলক কাম নকৰাৰ অভিযোগ কৰে স্থানীয় লোকসকলে ৷