জোনাই,৫ নৱেম্বৰ :ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (DAC election 2022) ৷ ইতিমধ্যে এই নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ প্ৰতিটো পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।
বিৰোধীৰ সমান্তৰালকৈ মিত্ৰজোঁটৰ বিজেপি আৰু অগপ দলেও ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে (DAC election campaign)। শাসকীয় দলটোৰ মন্ত্ৰী তথা জ্যেষ্ঠ নেতাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । জোনাইতো বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে ।
ধেমাজি জিলাৰ ১২ নং জোনাই পৰিষদীয় সমষ্টিটো বিজেপি দলে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে । বিজয়পুৰ দেউৰী গাঁৱত শনিবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে কেইবাগৰাকী জ্যেষ্ঠ নেতাই । প্ৰচাৰ অভিযানত মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত দেউৰীৰ হৈ প্ৰচাৰ চলালে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চায়েঙীয়াই । লগতে পৰিষদৰ সদস্য ৰাজু মেদক আৰু নৰেশ কুম্বাঙে অংশগ্ৰহণ কৰে (DAC election campaign in Jonai)।