অসম

assam

ETV Bharat / state

চৰকাৰক কটাক্ষ চুতীয়া যুৱ সন্মিলনৰ - Chutia Gana Abhiyan

Awareness Program: চুতীয়া যুৱ সন্মিলনে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু দাবী উত্থাপন কৰি ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ কৰিছে বিশেষ অভিযানৰ (CYSA awareness program in Dhemaji)। 'গাওঁবোৰ বিচাৰি যাওঁ' শীৰ্ষক কাৰ্যসূচীৰে বৃহৎ জনমত গঠনৰ প্ৰয়াস সংগঠনটোৰ ।

CYSA awareness program in Dhemaji
ধেমাজিৰ পৰা চৰকাৰক কটাক্ষ চুতীয়া যুৱ সন্মিলনৰ

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 5:41 PM IST

ধেমাজিৰ পৰা চৰকাৰক কটাক্ষ চুতীয়া যুৱ সন্মিলনৰ

ধেমাজি,২৪ ডিচেম্বৰ :অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা চুতীয়া জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে । চুতীয়া লোকসকলৰ উন্নয়নৰ দাবীত বিভিন্ন সময়ত জনগোষ্ঠীটোৰ সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্তও কৰিছে । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত জনগোষ্ঠীটোৱে জনজাতিকৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰিছে যদিও আজিলৈ তেওঁলোকৰ দাবী বা সমস্যা সমাধানৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে । যাৰ বাবে পুনৰ এবাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সন্মুখত লৈ চুতীয় যুৱ সন্মিলনে অসমত এক আন্দোলন আৰম্ভ কৰিছে ।

'গাওঁবোৰ বিচাৰি যাওঁ' শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু দাবী চৰকাৰক অৱগত কৰাৰ সিদ্ধান্ত লৈছে । তাৰ অংশস্বৰূপে দেওবাৰে ধেমাজি জিলাত চুতীয় যুৱ সন্মিলনে 'গাওঁবোৰ বিচাৰি যাওঁ' শীৰ্ষক গণ সম্পৰ্ক অভিযানৰ আয়োজন কৰে । চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত ধেমাজি লক্ষীপথাৰ গাওঁ পঞ্চায়তৰ নাৰায়ণপুৰীয়া গাঁৱত এই ব্যতিক্ৰমী জনজাগৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ পাছতে গাওঁখনৰ ৰাজহুৱা নামঘৰত এখন সজাগতা সভাও অনুষ্ঠিত কৰে সংগঠনটোৱে ৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৌস্তুভ কিশোৰ চুতীয়াই অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰে । চৰকাৰৰ এনে অৱহেলাৰ বিৰুদ্ধে সবল জনমত গঠন কৰাৰো পৰিকল্পনা কৰিছে সংগঠনটোৱে । দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত এনে গণ আন্দোন অবিৰতভাৱে চলাই যোৱাৰো হুংকাৰ দিয়ে চুতীয়া যুৱ সন্মিলনে ।

লগতে পঢ়ক :বিজেপি দলক গুণ্ডাৰ দল আখ্যা তৃণমূল কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details