অসম

assam

ETV Bharat / state

১৪ হাজাৰ কিলোমিটাৰ পথ চাইকেল চলাই ধেমাজিত উপস্থিত উত্তৰ প্ৰদেশৰ যুৱতী - EtvBharatAssam

মহিলা সুৰক্ষা আৰু গীণিজ বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্য লৈ সুদুৰ দিল্লীৰ পৰা চাইকেল চলাই আহি অসমত উপস্থিত হৈছে এগৰাকী উচ্চ শিক্ষিতা যুৱতী ৷ অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা 35 বছৰীয়া এইগৰাকী যুৱতীৰ নাম কুমাৰী জ্যোতি ৰংগালা ৷

কুমাৰী জ্য়োতি ৰংগালা

By

Published : Jun 11, 2019, 12:35 PM IST

ধেমাজি,11 জুনঃ নাৰী সুৰক্ষাৰ বাণী লৈ সুদূৰ অন্ধপ্ৰদেশৰ পৰা চাইকেল লৈ ওলাই আহিছে এগৰাকী যুৱতী ৷ অসমত পদাৰ্পণ কৰা এইগৰাকী যুৱতী হৈছে ৩৫ বছৰীয়া কুমাৰী জ্যোতি ৰংগালা ৷

অধিক পঢ়কঃ ইটিভি ভাৰতৰ প্ৰভাৱঃ নলবাৰীত নাটকীয়ভাৱে তৎপৰ গড়কাপ্তানি বিভাগ

সোমবাৰে সন্ধিয়া ধেমাজিত উপস্থিত হোৱা যুৱতীগৰাকীক ধেমাজি প্ৰেছ ক্লাৱৰ সদস্যসকলে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নিশা ধেমাজিত কটাই মঙলবাৰে পুৱাই জোনাই অভিমুখে যাত্ৰা কৰে যুৱতীগৰাকীয়ে ৷

কুমাৰী জ্য়োতি ৰংগালা

গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্যৰে আৰু সমগ্ৰ ভাৰতবৰ্ষত মহিলাসকলৰ সুৰক্ষাৰ দিশটোৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্য যুৱতীগৰাকীয়ে এই যাত্ৰা কৰিছে বুলি জানিবলৈ দিয়ে । মুঠ ৩০ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য বান্ধি লোৱা যুৱতীগৰাকীয়ে ইতিমধ্যে ১৪হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে । ইফালে অসমৰ জলবায়ু,সংস্কৃতি আৰু আতিথ্যক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে।

ABOUT THE AUTHOR

...view details