অসম

assam

ETV Bharat / state

আজি ধেমাজিত চাইকেল ৰেলীত অংশ ল'লে মন্ত্ৰী হিমন্তই

চাইকেল ৰেলীত অংশগ্ৰহণৰ বাবে মন্ত্ৰীগৰাকী ধেমাজিলৈ ৰাওনা হোৱাৰ সময়ত ধেমাজিৰ চিমেন চাপৰি,ডিমৌ,চিলা জনজাতি,আকাজান আৰু চিচিবৰগাঁৱত মন্ত্ৰীগৰাকীক উষ্ণ সম্ভাষণ জনায় স্থানীয় লোকে ৷

CYCLE RALLY ORGANIZED AT DHEMAJI
আজি ধেমাজিত চাইকেল ৰেলীত অংশ ল'লে মন্ত্ৰী হিমন্তই

By

Published : Jan 18, 2021, 12:27 PM IST

Updated : Jan 18, 2021, 2:28 PM IST

ধেমাজি, 18 জানুৱাৰী : ধেমাজি জিলাৰ ঐতিহ্যমণ্ডিত ৰংচটিয়া পথাৰত সোমবাৰে এক চাইকেল ৰেলীত অংশ ল’ব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ঐতিহ্যমণ্ডিত ৰংচটিয়া পথাৰৰ পৰা বুটিকোৰ-নৰোৱাথান হৈ চমৰাজানলৈকে ২৫ কিলোমিটাৰ এক বিশাল চাইকেল ৰেলি অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে৷ এই চাইকেল ৰেলী অন্ত পৰিব ধেমাজি কুমটীয়া দলঙত ৷ ইয়াতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন ৬০ কোটি টকীয়া পকীদলং আধাৰশিলা স্থাপন কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আজি ধেমাজিত চাইকেল ৰেলীত অংশ ল'লে মন্ত্ৰী হিমন্তই

সহস্ৰাধিক বাইক আৰু চাইকেলৰ ৰেলীয়ে এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে সমগ্ৰ ধেমাজি নগৰত৷ বিশাল চাইকেল ৰেলীটোত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডাঃ ৰনোজ পেগুৱে সংগ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ চাইকেল ৰেলীত অংশগ্ৰহণৰ বাবে মন্ত্ৰীগৰাকী ধেমাজিলৈ ৰাওনা হোৱাৰ সময়ত ধেমাজিৰ চিমেন চাপৰি, ডিমৌ, চিলা জনজাতি, আকাজান আৰু চিচিবৰগাঁৱত মন্ত্ৰীগৰাকীক উষ্ণ সম্ভাষণ জনায় স্থানীয় লোকে ৷

আজি ধেমাজিত চাইকেল ৰেলীত অংশ ল'লে মন্ত্ৰী হিমন্তই

লগতে পঢ়ক :21 জানুৱাৰীত ঘেৰাও কৰিব তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ঃ TMPK

Last Updated : Jan 18, 2021, 2:28 PM IST

ABOUT THE AUTHOR

...view details