অসম

assam

ETV Bharat / state

পদ্মশ্ৰী য়েছে দৰজে ঠংচিৰ সমৰ্থনত চাইকেল ৰেলী - Asam Sahitya Sabha

শেহতীয়াকৈ বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচিয়ে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে । দৰজে ঠংচিৰ সমৰ্থনত পাছিঘাটৰ পৰা দুই যুৱকে উলিয়ালে চাইকেল ৰেলী (Cycle rally in support of Yeshe Dorjee Thongchi)। ৰাইজৰ মাজত সাহিত্যিকগৰাকীৰ কৰ্মৰাজিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে উলিয়াইছে এই চাইকেল ৰেলী ।

Cycle
পদ্মশ্ৰী য়েছে দৰজে ঠংচিৰ সমৰ্থনত চাইকেল ৰেলী

By

Published : Aug 13, 2022, 5:22 PM IST

জোনাই, ১৩ আগষ্ট :অসম সাহিত্য সভাৰ (Asam Sahitya Sabha) সভাপতিৰ নিৰ্বাচনক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । কোন হ'ব পৰৱৰ্তী সভাপতি তাক লৈও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচিয়ে সভাপতি পদত অধিষ্ঠিত হোৱাৰ মন থকা বুলি কোৱাৰ পাছতে বিভিন্নজনে তেওঁক সমৰ্থন কৰাও আৰম্ভ কৰিছে ।

ইয়াৰ মাজতে বিশিষ্ট সাহিত্যিকগৰাকীৰ সমৰ্থনত দুজন যুৱকে আৰম্ভ কৰিছে চাইকেল ৰেলী (Cycle rally in support of Yeshe Dorjee Thongchi)। তেওঁক সমৰ্থন কৰাৰ লগতে ৰাইজৰ মাজত সাহিত্যিকগৰাকীৰ জনপ্ৰিয়তা বৃদ্ধিৰ উদ্দেশ্যে অৰুণাচলৰ পাছিঘাটৰ পৰা আৰম্ভ কৰিছে এই চাইকেল যাত্ৰা । পাছিঘাটৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ হৈ দিছপুৰলৈ চাইকেল যাত্ৰা কৰিব যুৱক দুজনে । যুৱক দুজন ক্ৰমে আবিদ আজাদ আৰু জামান ।

পদ্মশ্ৰী য়েছে দৰজে ঠংচিৰ সমৰ্থনত চাইকেল ৰেলী

চাইকেল যাত্ৰা আৰম্ভ কৰি যুৱক দুজনে কয় যে তেওঁলোক বিশিষ্ট সাহিত্যিক গৰাকীৰ অনুৰাগী । আনহাতে অসম আৰু অৰুণাচলৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে অসমীয়া সাহিত্যৰ বাবে কাম কৰা অৰুণাচলৰ বাসিন্দা য়েছে দৰজে ঠংচিক সৰ্ব সন্মতিক্ৰমে যাতে অসম সাহিত্য সভাৰ সভাপতি পদত নিৰ্বাচিত কৰিব পাৰে তাৰে বাবে সকলো অসমীয়াৰ দৃষ্টি আৰ্কষণ কৰিবলৈ এই চাইকেল যাত্ৰা আৰম্ভ কৰা বুলি যুৱক দুজনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :নগাঁৱত স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশাল ৰেলী

For All Latest Updates

ABOUT THE AUTHOR

...view details