গোগামুখ, 23 ফেব্ৰুৱাৰী: অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে এনকাউণ্টাৰ ৷ এইবাৰ গোগামুখত আৰক্ষীৰ এনকাউণ্টাৰ (Encounter at Gogamukh)৷ গোগামুখ আৰক্ষী থানাৰ সমীপৰ সোনাপুৰত ধেমাজি আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ হয় মাইনুল আলি নামৰ ৩১ বছৰীয়া এজন অপৰাধী ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, লখিমপুৰ জিলাৰ লালুকৰ মাইনুল আলিয়ে অৰুণাচল প্ৰদেশৰ এজন ব্যক্তিৰ পৰা বিগত মাহত চাৰে চাৰি লাখ টকা কাঢ়ি লৈ গৈছিল ৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে মইনুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছিল ৷
এইবাৰ গোগামুখত এনকাউণ্টাৰ, গুলীবিদ্ধ এজন অপৰাধী বুধবাৰে ধেমাজি আৰক্ষীয়ে মইনুল আলিক গোগামুখ অঞ্চলত প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক দেখি মইনুলে নিজা গাড়ীৰে পলায়নৰ চেষ্টা কৰে ৷ ইয়াৰ পিছতে মাইনুলক আৰক্ষীয়ে খেদি যোৱাত সোৱনশিৰিৰ নদীৰ পাৰত গাড়ী এৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ উপৰিও আৰক্ষীলৈ গুলীচালনা কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাত অপৰাধী মাইনুল আলিৰ বাওঁভৰি গুলিবিদ্ধ হয় ৷
গুলীবিদ্ধ মাইনুলক আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে ততালিকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক:Oil Theft in Nagaon: নগাঁৱত পাইপ ফুটাই চোৰে লৈ গ’ল খাৰুৱা তেল