অসম

assam

By

Published : Oct 1, 2019, 2:18 PM IST

ETV Bharat / state

মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাইছে দুৰ্গা প্ৰতিমাই

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ দুটামান দিন বাকী থকা অৱস্থাত দুৰ্গা প্ৰতিমাসমূহত হাতৰ অন্তিম পৰশ দিয়াত ব্যস্ত খনিকৰসকল ৷

ধেমাজিত প্ৰতিমা নিৰ্মাণ

ধেমাজি, 1 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ দুটামান দিন বাকী থকা অৱস্থাত দিনে-নিশায়ে ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল ৷ আটকধুনীয়াকৈ নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমাসমূহত হাতৰ অন্তিম পৰশ দিয়াত ব্যস্ত খনিকৰসকল ৷

ধেমাজিত প্ৰতিমা নিৰ্মাণ

ধেমাজি জিলাৰ এখন জনপ্ৰিয় তথা একমাত্ৰ প্ৰতিমা নিৰ্মাণকাৰী প্ৰতিষ্ঠান নটৰাজ শিল্পালয়ত 12/13 গৰাকী মৃৎশিল্পীৰ দলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে প্ৰতিমাসমূহে ৷ প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰী মন্টু পালে জনোৱা মতে, এইবাৰ মুঠ ষোল্লখন পূজাৰ বাবে প্ৰতিমা নিৰ্মাণ কৰা হৈছে ৷ অৱশ্যে প্ৰতিকূল বতৰে কিছু ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে মন্টু পালে ৷

ধেমাজিত প্ৰতিমা নিৰ্মাণ

ABOUT THE AUTHOR

...view details