জোনাই, 23 মে’: মঙলবাৰে জোনাইত গো-পালকসকলৰ আন্দোলন সাময়িক বাবে স্থগিত ৰখা হৈছে (Cowherd protest at Jonai) ৷ সোমবাৰে মুনমুনি মাজিআলি চাপৰিত গো-পালকসকলে হাজাৰ হাজাৰ গৰু ম'হ লৈ জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৰাওনা হৈছিল ৷ জোনাইৰ এই গো-পালকসকলে নিজৰ নিজৰ গৰু-ম'হ লৈ পদযাত্ৰা কৰি জোনাইৰ মহকুমা প্ৰশাসনক গৰু-ম'হবোৰ চমজাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Jonai Land Dispute) ৷ পদযাত্ৰাৰ ২০ কিলোমিটাৰ অতিক্ৰম কৰি আজি জোনাই সদৰৰ পৰা তিনি কিলোমিটাৰ আতঁৰৰ ৰায়ং নদীৰ কাষৰ এক পথাৰত অৱস্থান লয় গো-পালকসকলে ৷
উক্ত স্থানতে গো-পালকসকলক জোনাই মহকুমা প্ৰশাসনে বাধা দিবলৈ আৰক্ষীৰ এক বিশাল দল লৈ পথাৰখনত উপস্থিত হয় ৷ সেই ঠাইতে স্থানীয় সংগঠন টিএমপিকেৰ সৈতে এক আলোচনাত মিলিত হয় গো-পালকসকল (Cowherd protest continued at Jonai) ৷ এই আলোচনা মৰ্মে পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা অনুসৰি 25 মে’ত ধেমাজি জিলাৰ উপায়ুক্তৰ লগতে জোনাই মহকুমা প্ৰশাসনৰ সৈতে গো-পালকসকলে আলোচনাত মিলিত হোৱাত সন্মতি প্ৰকাশ কৰে (Cow herders will held meeting with DC) ৷