অসম

assam

ETV Bharat / state

জোনাইত ক‘ভিড আক্ৰান্ত প্ৰসূতিৰ সন্তান প্ৰসৱ

জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কিশোৰ কামানৰ নেতৃত্বত ডা° এম এম আগৰৱালা, ষ্টাফ নাৰ্চ ৰিস্না দলে, জমুনা উপাধ্যায় আৰু জয় কুমাৰ টায়েৰে ক’ভিড পজিটিভ (Covid 19) এগৰাকী প্ৰসূতিৰ সফলভাৱে সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হয় ৷

as-jonai-covid-positive-woman-delivers-baby-boy-img-ASC10072
জোনাইত ক‘ভিড আক্ৰান্ত প্ৰসূতিৰ সন্তান প্ৰসৱ

By

Published : Jun 5, 2021, 1:29 PM IST

জোনাই, ৫ জুন :জোনাই মহকুমাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ত শুকুৰবাৰে চিকিৎসকৰ এটা দলে এগৰাকী ক’ভিড (Covid 19)ত আক্ৰান্ত প্ৰসূতিৰ সফলতাৰে সন্তান প্ৰসৱ কৰে ৷ জোনাইৰ পুৰণা জেলেমৰ উমেশ মৰাঙৰ পত্নীক শুকুৰবাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই ক’ভিড পৰীক্ষা কৰোৱা হয় ৷ ক’ভিড পৰীক্ষণত মহিলাগৰাকীৰ দেহত ক’ভিড অৱস্থিতি (Covid positive) ধৰা পৰে ৷

সন্তান সম্ভৱা মহিলাগৰাকীক লৈ চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকল উদ্বিগ্ন হৈ পৰে ৷ কিন্ত ইয়াৰ মাজতে চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কিশোৰ কামানৰ নেতৃত্বত ডা° এম এম আগৰৱালা, ষ্টাফ নাৰ্চ ৰিস্না দলে, জমুনা উপাধ্যায় আৰু জয় কুমাৰ টায়েৰে প্ৰসূতিগৰাকীৰ সফলভাৱে সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হয় ৷ বৰ্তমান জোনাই খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত মাতৃ আৰু শিশুটি সুস্থ অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক :ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details