অসম

assam

ETV Bharat / state

জোনাইত ১০১ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগী - Jonai Covid

জোনাইত ১০১ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগী ৷ মহকুমাটোত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ৪৫ বছৰ উৰ্ধৰ ১৮, ৭৪৬ জনক ক’ভিড ভেকচিন প্ৰদান ৷

covid-patient-rises-to-101-in-jonai
জোনাইত ১০১ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগী

By

Published : May 19, 2021, 4:33 PM IST

জোনাই, ১৯ মে: ক’ভিড-19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত ক’ভিড পৰীক্ষা চলি থকাৰ সমান্তৰালভাৱে দ্ৰুত গতিত চলি আছে ক’ভিড ভেকচিনেশ্যনৰ কাম ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে ধেমাজি জিলাৰ জোনাই মহকুমাত নতুনকৈ 5 জন লোকৰ দেহত ধৰা পৰে ক’ভিড-19ৰ অৱস্থিতি ৷

এইপৰ্যন্ত জোনাই মহকুমাৰ ৰেপিড এন্টিজেন টেষ্ট কৰা 9020 গৰাকী লোকৰ ভিতৰত 101 জনৰ দেহত ধৰা পৰে ক’ভিড-19ৰ অৱস্থিতি ৷ ইয়াৰে 43 গৰাকী ক’ভিড ৰোগী হোম আইচ'লেশ্যনত থকাৰ বিপৰীতে বাকী কেইগৰাকী ৰোগী ক’ভিড মুক্ত হৈছে বুলি জানিব পৰা গৈছে ৷

মন কৰিবলগীয়া যে, ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমাত ক’ভিড পৰীক্ষাৰ লগতে দ্ৰুত গতিত চলিছে ক’ভিড ভেকচিনেশ্যনৰ কাম ৷ জিলা স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য কেন্দ্ৰ যোগেদি ৪৫ বছৰ উৰ্ধৰ ১৮,৭৪৬ জন লোকক ইতিমধ্যে ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

আনহাতে, জোনাই মহকুমা স্বাস্থ্য বিভাগে যোৱা 6 টা দিনত জোনাইৰ 18 বছৰৰ পৰা 44 বছৰ বসয়ৰ ভিতৰৰ ৯০০ গৰাকী লোকক ক’ভিড ভেকচিনৰ কাম সম্পন্ন কৰিছে ৷ উল্লেখযোগ্য যে, জোনাইৰ মুঠ ২৭ খন গাঁৱত ক’ভিড ৰোগী ধৰা পৰিছে আৰু বিশেষভাৱে জোনাই বজাৰ, উদয়পুৰ, লক্ষীনেপালী বস্তি আদি অঞ্চলৰ লোক ক’ভিডত বেছি আক্ৰান্ত হৈছে বুলি জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা৹ কিশোৰ কামানে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:ৰঙিয়াত চুৰিকাণ্ড: দৃশ্য আৱদ্ধ কেমেৰাত

ABOUT THE AUTHOR

...view details