ধেমাজি, ২ জুন: অৱশেষত জিলাখনৰ ১৯ গৰাকীৰ ভিতৰত ধেমাজি অসামৰিক চিকিৎসালয়স্থিত কোভিড কেন্দ্ৰৰ পৰা ক'ৰণামুক্ত হ'ল এগৰাকী যুৱক ৷ মঙলবাৰে গামোচা পিন্ধাই ঘৰলৈ যাবলৈ দিয়া হ'ল সুস্থ হৈ উঠা লোকজনক । যুৱকজন হৈছে ধেমাজি অকাজানৰ কপিল দাস ।
উল্লেখ্য যে হাৰিয়ানাৰ পৰা অহা যুৱকজন প্ৰথমে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত কোৱাৰেইণ্টাইন কেন্দ্ৰত আছিল ৷ ইয়াৰ পিছত তেওঁৰ দেহত ধৰা পৰিছিল COVID-19 । তাৰ পাচতেই ২৭ মে'ত তেওঁক ভৰ্তি কৰোৱা হৈছিল ধেমাজি অসামৰিক চিকিৎসালয়ৰ COVID-19 কক্ষত । ইয়াৰ পিছত মে'ৰ 30 তাৰিখে দুবাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ অন্তত ক'ৰণা নিগেটিভ অহাত যুৱকজনক আৰোগ্য বুলি কতৃপক্ষই উৰ্দ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে ৷ অৱশেষত স্বাস্থ্য বিভাগে উক্ত যুৱকজনক ক'ৰণামুক্ত প্ৰমাণপত্ৰ দি ঘৰলৈ যাবলৈ দিয়ে ৷