অসম

assam

ETV Bharat / state

জোনাইত চিকিৎসাকৰ্মীৰ তত্বাৱধানত ক'ভিড আক্ৰান্ত প্ৰসূতিয়ে জন্ম দিলে সন্তান - ক'ভিড আক্ৰান্ত

শুকুৰবাৰে জোনাই মহকুমাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীৰ তত্বৱধানত ক'ভিড আক্ৰান্ত প্ৰসূতিয়ে সফলতাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে ৷

Covid infected maternity gives birth
জোনাইত চিকিৎসাকৰ্মীৰ তত্বাৱধানত ক'ভিড আক্ৰান্ত প্ৰসূতিয়ে জন্ম দিলে সন্তান

By

Published : Jul 31, 2021, 1:04 PM IST

জোনাই, ৩১ জুলাই :সমগ্ৰ দেশতে কৰ'ণা (Corona) মহামাৰীৰ প্ৰভাৱ অব্যাহত আছে ৷ পূৰ্বতকৈ আক্ৰান্তৰ হাৰ কমিছে যদিও এতিয়া সম্পূৰ্ণ সুস্থিৰ হোৱা নাই পৰিৱেশ । অসমতো অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । যাৰ বাবে এতিয়াও কেইবাখনো জিলাত কঠোৰভাৱে সান্ধ্য আইন (Curfew) পালন কৰা হৈছে ।

কিন্তু কৰ'ণাৰ এই নেতিবাচক খবৰবোৰে সকলোৰে মন মগজুত ক্ৰিয়া কৰি থকাৰ মাজতে জোনাই মহকুমাৰ স্বাস্থ্যখণ্ডৰ পৰা আহিছে এক ইতিবাচক খবৰ ৷ এগৰাকী ক'ভিড আক্ৰান্ত প্ৰসূতিয়ে (Covid infected maternity) জন্ম দিলে এটি সুস্থ সন্তান ৷ শুকুৰবাৰে জোনাই মহকুমাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসাকৰ্মীৰ তত্বাৱধানত ক'ভিড আক্ৰান্ত প্ৰসূতিয়ে সফলতাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে ৷

ৰাজাখানা পঞ্চায়তৰ গাৰো বস্তিৰ মিনা মাৰাকক প্ৰসৱ বেদনাৰ লগে লগে শুকুৰবাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । মহিলা গৰাকীক প্ৰথমে ক'ভিড পৰীক্ষা কৰোৱাৰ পিছত ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হয় ৷ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা° কিশোৰ কামানৰ নেতৃত্বত ডা° এম এম আগৰৱালা, ষ্টাফ নাৰ্চ ৰিস্না দলে, জমুনা উপাধ্যায়ৰ তত্বৱধানত প্ৰসূতি মাতৃ গৰাকীয়ে সন্তান জন্ম দিবলৈ সক্ষম হয় ৷

বৰ্তমান জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (Jonai Block Primary Health Centre) মাতৃ আৰু শিশুটি সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানৰ নেতৃত্বত জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তিনিগৰাকী ক'ভিড আক্ৰান্ত প্ৰসূতিয়ে সন্তান জন্ম দিবলৈ সক্ষম হৈছে ৷ জোনাইত চিকিৎসক আৰু নাৰ্ছৰ এনে প্ৰশংসনীয় পদক্ষেপত উৎফুল্লিত সকলো । সচেতন লোকসকলে চিকিৎসাকৰ্মীৰ এনে পদক্ষেপৰ শলাগ লোৱা দেখা গৈছে ।

লগতে পঢ়ক :হোজাইত স্বাস্থ্য বিভাগে মুলি কৰিলে ভেকচিন ভান

ABOUT THE AUTHOR

...view details