অসম

assam

By

Published : Jun 29, 2020, 12:38 AM IST

ETV Bharat / state

ধেমাজিত একে দিনাই ওলাল ২১ গৰাকীকৈ কোভিড-১৯ আক্ৰান্ত

ধেমাজিত ভয়াবহভাৱে বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৷ এদিনতে চিনাক্ত হৈছে ২১গৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ আক্ৰান্ত ব্যক্তি ৷

covid case increase in dhemaji
ধেমাজিত একে দিনাই ওলাল ২১ গৰাকীকৈ কভিড-১৯ পজিটিভ

ধেমাজি , ২৮ জুন : দেওবাৰৰ দিনটোতে ধেমাজি জিলাত চিনাক্ত হ'ল ২১ টাকৈ নতুন ক'ভিড-১৯ আক্ৰান্তৰ ঘটনা । ইয়াৰে ৩ টা গোগামুখ এন. চি. ডি. কলেজ কোৱাৰেন্টাইন চেন্টাৰত থকা ব্যক্তিৰ আৰু ১৮ টা গোগামুখ কলেজ কোৱাৰেন্টাই চেন্টাৰত থকা ব্যক্তিৰ ।

ধেমাজিত একে দিনাই ওলাল ২১ গৰাকীকৈ কভিড-১৯ পজিটিভ

আনহাতে চিলাপথাৰৰ ৰঞ্জু পাল নামৰ ব্যৱসায়ী এজনৰ দেহত ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছত ব্যক্তিজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠান থকা এলেকাটোক প্ৰশাসনে পুনৰ কণ্টেনমেণ্ট জ'ন হিচাবে ঘোষণা কৰে । দেওবাৰে ক'ভিড-১৯ আক্ৰান্ত হিচাপে চিনাক্ত হোৱা ২১ গৰাকী ৰোগীৰ ১৮ গৰাকী ব্যক্তি কেইদিনমান পূৰ্বে পজিটিভ চিনাক্ত হোৱা গোগামুখৰ বাইলুং তেল ডিপোৰ মেনেজাৰ জনৰ সৈতে সম্পৰ্ক ধৰা পৰিছে ।

ধেমাজিত একে দিনাই ওলাল ২১ গৰাকীকৈ কভিড-১৯ পজিটিভ

ধেমাজিত একে দিনাই সামাজিক সংক্ৰমণ হৈ বৃহৎ সংখ্যক ৰোগী চিনাক্ত হোৱাৰ পাছত জিলাখনত অধিক আতংক বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক দুৰ্বৃত্তৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details