অসম

assam

ETV Bharat / state

জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কৰ'ণা আক্ৰান্তৰ চিকিৎসা আৰম্ভ

দেওবাৰে ধেমাজি পৰা ৫ জন কোভিড ১৯ পজিটিভ ৰোগী চিকিৎসাৰ বাবে জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে ৷ এই সমূহীয়া স্বাস্থ্যকেন্দ্ৰটোত মুঠ ৩০ জন কোভিড ১৯ ৰোগী ৰাখিব পৰাকৈ ব্যৱস্থা লোৱা হৈছে ৷

Covid 19 treatment in jonai hospital
জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কোভিড ১৯ পজিটিভৰ চিকিৎসা আৰম্ভ

By

Published : Jul 6, 2020, 9:03 PM IST

জোনাই, ৬ জুলাইঃধেমাজি জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ লোকৰ সংখ্যা ৷ ধেমাজি অসামৰিক চিকিৎসালয় আৰু চিলাপথাৰ হাস্পতালত কৰ'ণা ৰোগীৰ সংখ্যা অধিক হাৰত বৃদ্ধি পোৱাৰ ফলত ৰোগীক চিকিৎসাৰ বাবে অন্য ৰোগীক অন্য স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে ৷ জানিব পৰা মতে, জোনাইৰ নেপালীবস্তিস্থিত জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কৰ'ণাত আক্ৰান্ত ৰোগীসকলক ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷

দেওবাৰে ধেমাজিৰ পৰা ৫ জন কোভিড ১৯ পজিটিভ ৰোগী চিকিৎসাৰ বাবে জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে ৷ এই সমূহীয়া স্বাস্থ্যকেন্দ্ৰটোত মুঠ ৩০ জন কোভিড ১৯ ৰোগী ৰাখিব পৰাকৈ ব্যৱস্থা লোৱা হৈছে ৷ আনহাতে সমূহীয়া হাস্পতালখনত ৰোগী ৰখাৰ ফলত অঞ্চলটোৰ লোকসকলক শংকিত হৈ পৰিছে ৷ অঞ্চলটোৰ ৰাইজে এই সমগ্ৰ নেপালী বস্তিক কনন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কোভিড ১৯ পজিটিভৰ চিকিৎসা আৰম্ভ

লগতে পঢ়কঃ প্ৰচণ্ড শীতৰ বাবে লাডাখ সীমান্তত টেণ্টৰ ব্য়ৱস্থা কৰিবলৈ নিৰ্দেশ ভাৰতীয় সেনাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details