ধেমাজি,৪ এপ্ৰিলঃ ধেমাজিত চৰকাৰী সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ লক ডাউনৰ বাবে ৰাইজৰ মাজত বিতৰণৰ অৰ্থে ধেমাজিৰ বিভিন্ন গাঁৱলৈ আহিছিল চৰকাৰী সাহায্য ৷ ধেমাজি নগৰৰ সমীপৰ তেলিজান আৰু ভৰালী চুকত সাহায্য প্ৰদানৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছত শুকুৰবাৰে নিশা তেলিজানত গাঁৱৰক্ষী বাহিনীৰ তৎপৰতাত উদ্ধাৰ হয় চৰকাৰী সাহায্যৰ নামত অহা দাইল ৷
ধেমাজিত চৰকাৰী সাহায্য বিতৰণৰ নামত ব্যাপক লুণ্ঠন - গাঁৱৰক্ষী বাহিনী
চৰকাৰী সাহায্য বিতৰণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ধেমাজিত ৷ স্থানীয় গাঁৱৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ সাহাৰ্যৰ বাবে অহা দাইল ৷
![ধেমাজিত চৰকাৰী সাহায্য বিতৰণৰ নামত ব্যাপক লুণ্ঠন corruption on distribution of government relief fund](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6654429-thumbnail-3x2-a.jpg)
চৰকাৰী সাহায্য বিতৰণৰ নামত লুণ্ঠন
চৰকাৰী সাহায্য বিতৰণৰ নামত লুণ্ঠন
এই কেলেংকাৰী সন্দৰ্ভত স্থানীয় গাঁৱৰক্ষী বাহিনীয়ে জনোৱা অনুসৰি, গাঁওবুঢ়া ৰাজেন কোঁচৰ আৰু পুত্ৰই ৰাইজৰ মাজত বিতৰণ কৰিবলৈ অনা চাউল আৰু দাইল বিতৰণ নকৰি হৰলুকি কৰে ৷ সেই বিষয়ে জানিব পাৰি গাঁৱৰক্ষী বাহিনীয়ে নিশা পিতা-পুত্ৰক হাতে-লোটে ধৰি আৰক্ষীক গতাই দিয়ে ৷